কপি- লেফ্ট
  শ্বহীদ স্বাৰ্টজ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাইলেণ্ড পাৰ্ক, ইলিনইত জন্মগ্ৰহণ কৰা মেধাৱী ছাত্ৰ এৰণ স্বাৰ্টজ। সৰুৰে পৰা চখ কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ। ১২ বছৰ বয়সত সাজি উলাইছিল এটা ৱেবছাইট, নাম ‘দ্য ইনফ' নেটৱৰ্ক' যি আছিল আজিৰ দিনৰ ৱিকিপেডিয়াসদৃশ। কৈশোৰ কালতে স্বাৰ্টজে বুজি উঠিছিল তথ্যৰ গুৰুত্ব আৰু জানিছিল ই এদিন হৈ উঠিব পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেঞ্চি। আজিৰ দিনত প্ৰযুক্তি-দৈত্য (Tech Giant) সকলৰ বাবে তথ্যৰ গুৰুত্ব অপৰিসীম। যিয়ে বেছিকৈ গোটাব, সেই তথ্যৰ ওপৰত একচেটিয়া অধিকাৰ সাব্যস্ত কৰিব পাৰিব, সিয়ে গঢ়িব পাৰিব সম্পত্তিৰ পাহাৰ। স্বাৰ্টজ আৰু আজিৰ প্ৰযুক্তি-দৈত্য সমূহৰ মাজত আছিল এটি সৰু যদিও গুৰুত্বপূৰ্ণ পাৰ্থক্য- যি আছিল আদৰ্শগত। স্বাৰ্টজে জানিছিল মানৱ সমাজৰ সামগ্ৰিক উত্তৰণৰ বাবে প্ৰয়োজন তথ্যৰ ওপৰত সকলোৰে অধিকাৰ, বিচাৰিছিল তথ্যৰ গণতন্ত্ৰীকৰণ। কোনোৱে যাতে পৃথিৱীত আজিলৈ উপলব্ধ জ্ঞানৰ পৰা বঞ্চিত নহয়, সকলোৰে বাবে ই যাতে সহজতে উপলব্ধ হয় তাৰে বাবে তেওঁ জীৱনকালত কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ দ্বাৰা চলাইছিল নিৰলষ প্ৰচেষ্টা। এজন প্ৰগ্ৰেমাৰ হিচাপে স্বাৰ্টজ আছিল অত্যন্ত মেধাৱী। মাত্ৰ ১৪ বছৰ বয়সত  R...






