উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা আইন আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়

যোৱা ৫ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মাৰ্চ মাহৰ এটি ৰায়, যিয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা আইন, ২০০৪ ক অসাংবিধানিক ঘোষণা কৰিছিল, তাৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক ওলোটাই এই আইনৰ প্ৰায় অংশ সাংবিধানিক বুলি ঘোষণা কৰে। উল্লেখ্য যে উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা আইন ২০০৪ চনত মূলায়াম সিং যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টীৰ চৰকাৰে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা সমূহক নিয়ন্ত্ৰণ তথা শিক্ষাৰ মানদণ্ড, পাঠ্যক্ৰম আদি নিৰ্ণয় কৰাৰ বাবে এই আইন প্ৰণয়ন কৰিছিল। এই আইনৰ দ্বাৰা মাদ্ৰাছাসমূহৰ তদাৰকী কৰিবৰ বাবে এখন মাদ্ৰাছা শিক্ষাৰ বোৰ্ড গঠন কৰা হৈছিল যাতে মাদ্ৰাছা সমূহত শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীসকল গুণগত শিক্ষাৰ পৰা বঞ্চিত নহয়। এলাহাবাদ উচ্চ ন্যায়ালয়ত এই আইনৰ বিৰুদ্ধে গোচৰ তৰা সকলৰ মূল যুক্তি আছিল যে এই আইনে ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ নীতি (যি সংবিধানৰ মৌলিক কাঠামো), শিক্ষাৰ অধিকাৰ, সমতাৰ অধিকাৰ তথা ইউজিচি আইনৰ পৰিপন্থী। এই সকলোবোৰ যুক্তি মানি মাৰ্চ মাহত এলাহাবাদ উচ্চ ন্যায়লয়ে এই আইনক অসাংবিধানিক ঘোষণা কৰে। 



উল্লেখ্য যে উচ্চ ন্যায়ালয়ত উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছা আইনৰ সপক্ষে যুক্তি ৰাখিছিল যদিও, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত, উচ্চতম ন্যায়ালয়ত আপীল কৰা নাছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে এই আইন অসাংবিধানিক কৰাৰ পিছতেই উত্তৰ প্ৰদেশত শিক্ষাৰত ১২ লাখ শিক্ষাৰ্থীক চৰকাৰী স্কুলত নামভৰ্তি কৰাবলৈ নিৰ্দেশ দিয়ে। এই ৰায়ৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন সাংবিধানিক বুলি ঘোষণা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় ওলোটাই দিয়ে। এই ৰায় প্ৰদান কৰোঁতে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কয় যে এখন সাধাৰণ আইনৰ সাংবিধানিক বৈধতা সংবিধানৰ মৌলিক কাঠামোত আঘাত কৰাৰ যুক্তিত চালি জাৰি চোৱা ন্যায় সংগত নহয়। উল্লেখ্য যে ১৯৭৩ চনৰ সৰ্বজনবিদিত কেশৱানন্দ ভাৰতী ৰায়ত উচ্চতম ন্যায়ালয়ৰ ১৩ জনীয়া বিচাৰপীঠে ভাৰতৰ সংবিধানৰ কিছুমান মৌলিক কাঠামো (Basic structure) চিহ্নিত কৰে যি সংবিধানৰ সংশোধনীৰ মাজেৰেও সলনি কৰিব নোৱাৰি। ইয়াৰে ভিতৰত ভাৰতৰ সংবিধানৰ এক অন্যতম মৌলিক কাঠামো হৈছে ধৰ্মনিৰপক্ষতা। এলাহাবাদ উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত মত প্ৰকাশ কৰে যে যিহেতু এই আইনে ইছলামিক শিক্ষাক "মাদ্ৰাছা শিক্ষা" ৰ এটা অংশ হিচাপে চিহ্নিত কৰিছে তথা মাদ্ৰাছা শিক্ষা বোৰ্ডৰ অধ্যক্ষ হিচাপে এগৰাকী মুছলিম শিক্ষাবিদকে আদি কৰি ভিন্ন পদত কেৱল ইছলাম ধৰ্মালম্বী ব্যক্তিক সেই বোৰ্ডৰ বিভিন্ন সদস্যৰ পদৰ বাবে যোগ্য বিবেচিত কৰিছে সেয়ে এই আইনে সংবিধান প্ৰদত্ত ধৰ্মনিৰপক্ষতাক আঘাত হানে হেতুকে অসাংবিধনিক। ইয়াৰোপৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নিজৰ ৰায়ত মত পোষণ কৰে যে মাদ্ৰাছা আইন খনৰ একমাত্ৰ কাম হৈছে ইছলামিক শিক্ষা ৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা আৰু যিহেতু ৰাষ্ট্ৰই কোনো এক বিশেষ ধৰ্মৰ প্ৰচাৰৰ বাবে আইন প্ৰণয়ন কৰিব নোৱাৰে সেয়ে এই আইন অসাংবিধনিক। 
এই প্ৰসঙ্গত উচ্চতম ন্যায়ালয়ে মাদ্ৰাছা আইনক "মৌলিক কাঠামোৰ পৰীক্ষা"ৰ দ্বাৰা জুখিব নোৱাৰি বুলি মত প্ৰদান কৰে কিয়নো ই এখন সাধাৰণ আইন। আচলতে এই উচ্চতম ন্যায়ালয়ৰ এই যুক্তিত নতুনত্ব নাই কিয়নো আগৰ বহু ৰায়ত উচ্চতম ন্যায়ালয়ে মত পোষণ কৰি গৈছে যে মৌলিক কাঠামোৰ পৰীক্ষা কেৱল সংবিধান সংশোধনী আইনৰ ক্ষেত্ৰত হে প্ৰযোজ্য আৰু এখন সাধাৰণ আইনক ( যি বিধানসভা বা সংসদে প্ৰণয়ন কৰে) এই পৰীক্ষাৰ দ্বাৰা পৰীক্ষণ কৰিব নোৱাৰি। এই বিষয়ে ১৯৭৫ চনৰ ইন্দিৰা নেহেৰু গান্ধী বনাম ৰাজ নাৰায়ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে কোনো সাধাৰণ আইনৰ সাংবিধানিকতা পৰীক্ষা কৰাৰ চৰ্ত হব সেই আইন প্ৰণয়ন কৰা বিধান সভাৰ ক্ষমতা আৰু অনুচ্ছেদ ১৩ ৰ সৈতে ইয়াৰ বিৰোধ নথকা। যদি এই দুটা চৰ্ত পূৰণ হয় তেন্তে এখন আইন আন কোনো পৰীক্ষাৰ দ্বাৰা ন্যায়ালয়ে পৰীক্ষণ কৰিব নোৱাৰিব কিয়নো, যদি তেনে কৰা হয় তেন্তে ই সংসদ/বিধান সভাৰ আইন প্ৰণয়ণ কৰাৰ ক্ষমতাত আঘাত হনা হব। এই সাংবিধানিক বাখ্যা আৰু আন কিছু ৰায়ত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা মতৰ ভিত্তিত তিনিজনীয়া বিচাৰপীঠে কয় যে যিহেতু ধৰ্মনিৰপেক্ষতা, যুক্তৰাষ্ট্ৰবাদ, গণতন্ত্ৰ আদি বিমূৰ্ত তথা সংজ্ঞাবিহীন ধাৰণা, সেয়ে এনে বিমূৰ্ত ধাৰণাৰ ভিত্তিত সাধাৰণ আইন পৰীক্ষণ কৰাৰ ক্ষমতা ন্যায়ালয়ক দিলে একধৰণৰ অনিশ্চয়তা আহি পৰিব। এই যুক্তিৰ ভিত্তিত মৌলিক কাঠামোৰ পৰীক্ষণ এখন সাধাৰণ আইনৰ ( যি উত্তৰ প্ৰদেশ চৰকাৰে প্ৰণয়ন কৰিছে) ওপৰত কৰাৰ অধিকাৰ ন্যায়ালয়ৰ নাই বুলি উচ্চতম ন্যায়ালয়ে মত প্ৰদান কৰে। 
ইয়াৰোপৰি, অনুচ্ছেদ ২৮ ৰ এক নতুন বাখ্যা উচ্চতম ন্যায়ালয়ে এই ৰায়ত প্ৰদান কৰে। সংবিধানৰ অনুচ্ছেদ ২৮ য়ে সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰৰ অনুদান লাভ কৰা শিক্ষানুষ্ঠানত "ধৰ্মীয় নিৰ্দেশনা" (Religious instruction) দিয়াত বাৰণ কৰে আৰু আৰু যি শিক্ষানুস্থান স্বীকৃতিপ্ৰাপ্ত বা চৰকাৰৰ পৰা কিছু অনুদান লাভ কৰে তেনে শিক্ষানুস্থানত ধৰ্মীয় নিৰ্দেশনা লোৱাটো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বাধ্যতামূলক হব নোৱাৰে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে "ধৰ্মীয় নিৰ্দেশনা" (Religious instruction) আৰু "ধৰ্মীয় শিক্ষা" (Religious Education) ৰ মাজত থকা প্ৰভেদৰ কথা আঙুলিয়াই কয় যে ধৰ্মীয় নিৰ্দেশনাই আচলতে এক বিশেষ ধৰ্মৰ প্ৰথা,পৰ্ব্ব, উপাসনা কৰাৰ নিয়ম আদি বুজাই। ইয়াৰ বিপৰীতে ধৰ্মীয় শিক্ষাই মুক্ত চিন্তা, নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আদিক আঘাত নাহানাকৈ কোনো ধৰ্মৰ অন্তঃৰ্নিহিত দৰ্শন, চিন্তা বা সেই ধৰ্ম সৈতে জঢ়িত কোনো ধৰ্মগুৰুৰ জীৱনী আদিৰ চৰ্চা বুজায়। সেই পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে মত প্ৰদান কৰে যে ধৰ্মীয় শিক্ষা প্ৰদান কৰাত অনুচ্ছেদ ২৮ ৰ কোনো বাধা নাই, বাধা কেৱল ধৰ্মীয় নিৰ্দেশনা প্ৰদান কৰাতহে। ন্যায়ালয়ে অনুচ্ছেদ ২৯ আৰু অনুচ্ছেদ ৩০, যিয়ে ক্ৰমে সংখ্যালঘূৰ স্বাৰ্থ ৰক্ষা তথা শৈক্ষিক অধিকাৰৰ কথা কয়, মত পোষণ কৰে যে যদিও এই অনুচ্ছেদৰ দ্বাৰা সংখ্যালঘূক শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ অধিকাৰ সংবিধানে দিছে, পিছে এই অধিকাৰ নিৰংকুশ নহয় আৰু ৰাষ্ট্ৰৰ ক্ষমতা আছে অনুচ্ছেদ ২৯ বা ৩০ ক আঘাত নকৰাকৈ শিক্ষানুস্থানসমূহ নিয়ন্ত্ৰণ কৰা। ন্যায়ালয়ে এই বিষয়ে কয় যে সংখ্যালঘূসকলৰ শিক্ষানুষ্ঠানৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ কৰাত ৰাষ্ট্ৰৰ স্বাৰ্থ (state interest) জঢ়িত হৈ আছে আৰু যিহেতু উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা আইন, ২০০৪ হৈছে এখন নিয়ন্ত্ৰণকাৰী আইন যিয়ে মাদ্ৰাছা সকলত পঢ়াবৰ বাবে পাঠ্যপুথি, পাঠ্যক্ৰম আদি প্ৰণয়ন কৰাক নিয়ন্ত্ৰণ কৰে, সেয়ে এই আইন অসাংবিধানিক নহয়। 
উচ্চতম ন্যায়ালয়ৰ এই তৰ্কৰ যুক্তিযুক্ততা আছে কিয়নো প্ৰাথমিক শিক্ষা এক মৌলিক অধিকাৰ আৰু সেই হেতুকে সংখ্যালঘূ ছাত্ৰ ছাত্ৰী সকলে গুণগত আধুনিক শিক্ষা পোৱা তেওঁলোকৰ মৌলিক অধিকাৰ। মাদ্ৰাছাসমূহত কি শিক্ষা দিয়া উচিত, কেনে পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰী সকলক পঢ়োৱা উচিত এই নিয়ন্ত্ৰণ যদিহে চৰকাৰে গঠন কৰা বোৰ্ডে কৰে, তেন্তে কেৱল ধৰ্মীয় শিক্ষা দিয়া বা আধুনিক শিক্ষা নিদিয়া শিক্ষানুস্থান সমূহে এই আইনৰ অধীনত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত হব নোৱাৰে, ফলত সেই মাদ্ৰাছাৰ ডিগ্ৰীৰ কোনো আনুষ্ঠানিক মূল্য নাই। "মাদ্ৰাছা" শব্দৰ অৰ্থ হৈছে শিক্ষানুস্থান। এই মাদ্ৰাছা সমূহত অতীজৰে পৰা ধৰ্মীয় শিক্ষাৰ লগতে বিজ্ঞান, সমাজ বিজ্ঞান, গণিত আদি শিক্ষা প্ৰদান কৰা হয়। মাদ্ৰাছাৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ সকলক মৌলবী বা মুন্সী ডিগ্ৰী (যি মাধ্যমিক ডিগ্ৰীৰ সমকক্ষ) প্ৰদান কৰে, আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ সকলক আলীম ডিগ্ৰী প্ৰদান কৰা হয়। আলীম ডিগ্ৰী পৰ্যন্ত উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰম চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমৰ আধাৰত নিৰ্মাণ কৰা হয়। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ১৩,৩৬৪ খন মাদ্ৰাছাত ১২,৩৪,৩৮৮ গৰাকী শিক্ষাৰ্থী শিক্ষাৰত। ইয়াৰে মাত্ৰ ৫৬০ খন মাদ্ৰাছাইহে অলপ হলেও চৰকাৰী অনুদান লাভ কৰে।এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ে এই শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ উপৰত প্ৰশ্ন আনি দিছিল কিয়নো উচ্চ ন্যায়ালয়ে এই শিক্ষাৰ্থী সকলক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাবলৈ নিৰ্দেশ দিছিল। উত্তৰ প্ৰদেশৰ প্ৰাথমিক বিদ্যালয় সমূহত ৩১ জন শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ এগৰাকী শিক্ষক আছে। তেনে স্থলত আৰু ১২ লাখ নতুন শিক্ষাৰ্থীক হঠাৎ চৰকাৰী স্কুলত নামভৰ্তি কৰিলে শিক্ষাৰ মানদণ্ড নিম্নগামী হোৱাৰ লগতে গুণগত শিক্ষাৰ পৰা মাদ্ৰাছাৰ শিক্ষাৰ্থীসকল বঞ্চিত হোৱাৰ এক আশঙ্কা আছিল। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে মাদ্ৰাছাৰ শিক্ষাৰত শিক্ষাৰ্থী সকলক কিছু পৰিমাণৰ সকাহ দিছে। 
ইয়াৰ বিপৰীতে পিছে মাদ্ৰাছা বোৰ্ডক ফাজিল ( স্নাতক ডিগ্ৰী) কামিল ( স্নাতকোত্তৰ ডিগ্ৰী) নিয়ন্ত্ৰণ কৰাৰ যি ক্ষমতা 
মাদ্ৰাছা আইন ২০০৪ ত দিয়া হৈছিল সেই ক্ষমতা ইউ জি চি আইনৰ পৰপন্থী বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ যুক্তিক উচ্চতম ন্যায়ালয়ে মানে আৰু সেই অধিকাৰ অসাংবিধানিক বুলি ঘোষণা কৰে। 
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ভাৰতৰ সংবিধানৰ অধীনত ভাষিক আৰু ধাৰ্মিক সংখ্যালঘূৰ স্বাৰ্থ ৰক্ষা আৰু শিক্ষানুষ্ঠান স্থাপন কৰাৰ যি অধিকাৰ সেই অধিকাৰৰ মান্যতা বাহাল ৰাখি সোঁৱৰাই দিয়ে যে শিক্ষানুষ্ঠান স্থাপন আৰু প্ৰশাসন(administer) কৰাৰ অধিকাৰৰ এই অৰ্থ নহয় যে তেওঁলোকে অপশাসন (maladminister) কৰিব। ইয়াৰ সৈতে যিহেতু বহু শিশুৰ ভৱিষ্যত জঢ়িত হৈ আছে, সেয়ে ইয়াক চৰকাৰী ভাবে নিয়ন্ত্ৰণ কৰা প্ৰয়োজনীয়। যোৱা ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষাৰ নিয়ন্ত্ৰণৰ সৈতে জঢ়িত দুখন আইন বাতিল কৰি ১২৮১ খন চৰকাৰী তথা প্ৰাদেশীকৃত মাদ্ৰাছাক সাধাৰণ শিক্ষানুষ্ঠানলৈ পৰিবৰ্তন কৰিছিল। গৌহাটী উচ্চ ন্যায়ালয়েও এই আইন বাতিল কৰা সাংবিধানিক বুলি ঘোষণা কৰিছিল। বাতিলৰ সপক্ষে যুক্তি দি গৌহাটী উচ্চ ন্যায়ালয়ে মত পোষণ কৰিছিল যে অনুচ্ছেদ ২৮(১) ৰ অধীনত সম্পূৰ্ণভাৱে চৰকাৰী অনুদান পোৱা শিক্ষানুষ্ঠানত ধৰ্মীয় নিৰ্দেশনা দিয়া বাৰণ। পিছে উত্তৰ প্ৰদেশ মাদ্ৰাছা সম্পৰ্কত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ত "ধৰ্মীয় শিক্ষা" আৰু "ধৰ্মীয় নিৰ্দেশনা"ৰ মাজত কৰা পৃথকীকৰণ ৰ নতুন সংজ্ঞাই হয়তো অসমৰ মাদ্ৰাছা সকলৰ পক্ষেও নতুন যুক্তি ডাঙি ধৰাত সহায় কৰিব। ইয়াৰোপৰি, গৌহাটী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কৈছিল যে মাদ্ৰাছাসমূহ প্ৰাদেশীকৃত হোৱাৰ দিনাৰে পৰা নিজৰ "সংখ্যালঘূ শিক্ষানুষ্ঠান" চৰিত্ৰ লোপ পাব আৰু চৰকাৰী শিক্ষানুষ্ঠান হৈ পৰিব। পিছে এই বিষয়ে যোৱা ৮ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ৭ জনীয়া বিচাৰপীঠে আলিগড় মুছলিম বিশ্ববিদ্যালয় বনাম নৰেশ আগৰৱাল ৰায়ত মত প্ৰকাশ কৰে যে সংখ্যালঘূ শিক্ষানুষ্ঠানৰ চৰিত্ৰ নিৰূপণ কৰিবলৈ হলে ইয়াৰ স্থাপন কৰা সকলৰ লক্ষ্য আৰু উদ্দেশ্যলৈ মন কৰিব লাগিব। এখন শিক্ষানুষ্ঠান কেৱল সংখ্যালঘূ সকলে নিয়ন্ত্ৰণ কৰাৰ বাবেই চৰকাৰী অনুদানৰ পৰা বঞ্চিত হব নোৱাৰে। পিছে, এই কথা ঠিক যে চৰকাৰী অনুদান লাভ কৰা শিক্ষানুষ্ঠান এখনে বাধ্যতামূলক ভাবে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰে। 
এই দুটা ৰায়ৰ ভিত্তিত এই কথা কব পাৰি যে কোনো ভাষিক আৰু ধৰ্মীয় সংখ্যালঘূৰ শিক্ষানুষ্ঠান স্থাপন আৰু প্ৰশাসন কৰাৰ অধিকাৰ সংবিধানে প্ৰদান কৰিছে। পিছে এই শিক্ষানুষ্ঠান সমূহত যাতে মূলতঃ আধুনিক শিক্ষা প্ৰদান কৰা হয়, তাৰ বাবে চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰা উচিত। এই দুটা ৰায়ৰ পিছত, অসম চৰকাৰৰ প্ৰাদেশীকৃত মাদ্ৰাছাসমূহ চৰকাৰী বিদ্যালয়লৈ পৰিণত কৰাটো আইনগত ভাবে কিমানদূৰ যুক্তি সংগত সেয়া পুনৰ বিবেচনা কৰাৰ থল আছে। 


Comments