'হিট এণ্ড ৰান' আইন- এক পৰ্যালোচনা
দেশজুৰি চলিত মটৰ পৰিবহণ সংগঠনসমূহৰ ধৰ্মঘটৰ মূল কাৰণ হৈছে ২৫ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰা ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ১০৬(২)।
এই ধাৰাই মুখ্যতঃ 'hit and run' অৰ্থাৎ বাহনেৰে খুন্দিয়াই পলয়ান কৰা কাৰ্য্যক অপৰাধ হিচাপে চিহ্ণিত কৰিছে , আৰু পুলিচ বা দণ্ডাধীশক তেনে মৃত্যুৰ খবৰ নিদিলে শাস্তি হ'ব পাৰে জৰিমনাৰ লগতে ১০ বছৰ পৰ্যন্ত জেইল।
ইয়াৰ পূৰ্বৱৰ্তী আইন, ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০ ত পিছে খুন্দিয়াই পলয়ান কৰা কাৰ্য্যক এক বিশেষ শ্ৰেণীৰ অপৰাধ হিচাপে গণ্য কৰা হোৱা নাছিল আৰু ইয়াক ৩০৪ক (304A) ধাৰাৰ অধীনত অৱহেলা বা অসাৱধানতাৰ (negligence) বাবে হোৱা মৃত্যুৰ শাৰীত ৰখা হৈছিল।
'হিট এণ্ড ৰান' ক এক বিশেষ অপৰাধ হিচাপে গণ্য কৰা কাৰ্যৰ যুক্তিযুক্ততা নিৰ্ণয় কৰাৰ আগতে এই ধাৰা থোৰতে বৰ্ণাই লোৱাৰ প্ৰয়োজন আছে।
ভাৰতীয় ন্যায় সংহিতা,২০২৩ কাৰ্যকৰী হোৱাৰ আগলৈ কোনো ব্যক্তিৰ অৱহেলা বা অসাৱধানতাৰ ফলত হোৱা আন ব্যক্তিৰ মৃত্যুৰ বাবে দুবছৰৰ জেইল, অথবা জৰিমনা বা দুয়োটাই শাস্তি হিচাপে ভাৰতীয় দণ্ডবিধি আইন, ১৮৬০ৰ ধাৰা ৩০৪ক(304A) ত দিয়া আছে। এই ধাৰাত কোনো ব্যক্তি দোষী সাব্যস্ত হ'বলৈ প্ৰয়োজন হয় দুবিধ উপাদানৰ-
১) অভিযুক্তৰ অৱহেলা বা অসাৱধানতা থাকিব লাগিব।
২) এই অৱহেলা বা অসাৱধানতাৰ ফলত আন কোনো ব্যক্তি ৰ মৃত্যু হ'ব লাগিব।
মন কৰিবলগীয়া কথা যে এই ধাৰা বাহনেৰে খুন্দিয়াই পলয়ান কৰাৰ বাহিৰেও আন বহু সময়ত প্ৰযোজ্য হয়। ধৰা হওক গুৱাহাটীত উৰণ সেতুৰ নিৰ্মাণৰ সময়ত সেই কাম তদাৰকী কৰা কোনো ব্যক্তিৰ অযত্ন বা অৱহেলা ৰ ফলত কোনো এটুকুৰা ডাঙৰ লোহা আহি কাৰোবাৰ মূৰত পৰিল আৰু যাৰ ফলত সেই ব্যক্তিৰ মৃত্যু হ'ল, তেনে স্থলতো তদাৰকী ব্যক্তি এই ধাৰাৰ অধীনত অভিযুক্ত হ'ব পাৰে।ইয়াৰে আন এটা উত্তম উদাহৰণ হৈছে কোনো চিকিৎসকৰ অসাৱধানতাৰ ফলত হোৱা ৰোগীৰ মৃত্যু। দণ্ডবিধি আইন অনুসৰি এয়াও অৱহেলা বা অসাৱধানতাৰ (negligence) বাবে হোৱা মৃত্যু।
মন কৰিবলগীয়া কথা যে ভাৰতীয় দণ্ডবিধি আইন,১৮৬০ ত এই ধাৰা সন্নিৱিষ্ট কৰা হৈছিল এক সংশোধনীৰ জৰিয়তে ১০ বছৰ পিছত অৰ্থাৎ ১৮৭০ চনত যিসময়ত মটৰ বাহন ৰাস্তাত চলা আৰম্ভণিয়ে হোৱা নাছিল।
ধাৰা ৩০৪ক মূলতঃ সন্নিবিষ্ট কৰা হৈছিল সেইসমূহ মৃত্যু দণ্ডবিধি আইনৰ আওতালৈ আনিবলৈ, যিসমূহ ইচ্ছাকৃতভাবে কৰা হোৱা নাছিল যদিও নিজৰ দ্বায়িত্ব অৱহেলা বা অসাৱধানতাৰে কৰাৰ বাবে হৈছিল। সাধাৰণতে কোনো এক অপৰাধ সংঘটিত হ'বলৈ প্ৰয়োজন এক ক্ৰিয়া (Actus reus ) আৰু এক অপৰাধী মন (Mens rea)। কিন্তু কিছু ক্ষেত্ৰত অপৰাধী মন বা সেই অপৰাধ কৰাৰ ইচ্ছা নাথাকিলেও কেৱল ক্ৰিয়াৰ বাবেই কোনো ব্যক্তি দোষী সাব্যস্ত হ'ব পাৰে।
৩০৪ক ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। ৩০৪ক ৰ অধীনত কোনো ব্যক্তি দোষী সাব্যস্ত হবলৈ তেওঁৰ যে সেই কাৰ্য কৰাৰ এক অপৰাধী মন আছিল সেই কথা প্ৰমাণ কৰাৰ প্ৰয়োজন নাই, তেওঁৰ অৱহেলাযুক্ত ক্ৰিয়া আৰু ইয়াৰ ফলত হোৱা মৃত্যুয়েই যথেষ্ট।
এতিয়ালৈ, এই ধাৰাৰ অধীনত দোষী হোৱাৰ লোকৰ শাস্তি ২ বছৰ পৰ্যন্ত অথবা ফাইন বা দুয়োটাই। সাধাৰণতে ইচ্ছাকৃতভাবে কৰা আনৰ মৃত্যুক আমাৰ দেশৰ আইনে হত্যা (murder) বা দোষাৱহ নৰবধ যি হত্যাৰ পৰ্য্যায়ৰ নহয় (culpable homicide not amounting to murder) বুলি গণ্য কৰে যাৰ বাবে শাস্তি যথাক্ৰমে ফাঁচী বা যাৱজ্জীৱন কাৰাদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ড বা দহ বছৰ পৰ্যন্ত কাৰাদণ্ড ।
এতিয়া আহো ন-দণ্ডবিধি আইন 'ভাৰতীয় ন্যায় সংহিতা,২০২৩' ৰ ধাৰা ১০৬ লৈ। ধাৰা ১০৬ হৈছে পুৰণি দণ্ডবিধিৰ ৩০৪ক ৰ প্ৰতিৰূপ যদিও ইয়াত কিছু সালসলনি কৰা হৈছে। এই সালসলনি তিনি ধৰণৰ -
১) নতুন আইনত অসাৱধানতাৰ (negligence) বাবে হোৱা মৃত্যুৰ বাবে শাস্তি ধাৰ্য্য কৰা হৈছে ৫ বছৰ পৰ্যন্ত জেইল আৰু জৰিমনা (পূৰ্বতে দুবছৰ পৰ্যন্ত জেইল অথবা জৰিমনা বা দুয়োটাই ) ।
২) এই আইনত চিকিৎসকৰ দ্বাৰা হোৱা অসাৱধানতাৰ ফলত হোৱা মৃত্যুৰ বাবে হোৱা শাস্তি ২ বছৰ ৰাখিছে ( পূৰ্বতে চিকিৎসকৰ আৰু আনৰ মাজত পাৰ্থক্য নাছিল)
৩) ১০৬(২) ৰ অধীনত এক নতুন শ্ৰেণী সৃষ্টি কৰি বাহনেৰে খুন্দিওৱাৰ ফলত হোৱা মৃত্যুক আৰু তেনে মৃত্যু পুলিচ বা দণ্ডাধীশক নজনোৱাকৈ পলায়ন কৰাক নতুন অপৰাধ হিচাপে গণ্য কৰা হৈছে যাৰ শাস্তি ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা।
এতিয়া প্ৰশ্ন হয় কি ভিত্তিত ১০৬(২) ধাৰাৰ জৰিয়তে সংসদ চালকসকলৰ প্ৰতি ইমান কঠোৰ হৈছে?
আইনৰ মেৰপাচত নুসুমাই সাধাৰণ যুক্তিসিদ্ধ মনেৰে এই কথা বুজা সহজ যে কোনো ক্ৰিয়াৰ বা কাৰ্যৰ দ্বাৰা কোনো ব্যক্তিৰ মৃত্যু হব পাৰে বুলি জানি বা কোনো ব্যক্তিৰ মৃত্যুৰ কামনাৰে কৰা এক কাৰ্য; আৰু মৃত্যু ঘটোৱাৰ ইচ্ছা বা অভিপ্ৰায় নথকা কোনো কাৰ্যৰ দ্বাৰা হোৱা মৃত্যু- এই দুটাৰ মাজত পাৰ্থক্য আছে । প্ৰথমটোত যিহেতু তেখেতৰ কাৰ্যৰ দ্বাৰা মৃত্যু হ'ব পাৰে বুলি তেখেতে জানে অৰ্থাৎ তেখেতৰ সেই জ্ঞান (knowledge) আছে বা মৃত্যু ঘটোৱাৰ অভিপ্ৰায় (intention) আছে , তেনে ক্ষেত্ৰত এক কঠোৰ শাস্তি যুক্তিসংগত আৰু বোধগম্য। কিন্তু এই নতুন আইনৰ এই বিষয়ৰ গুৰুত্বপূৰ্ণ আঁসোৱাহ এয়াই যে ই মৃত্যু ঘটোৱাৰ অভিপ্ৰায় নথকা স্বত্বেও চালকসকলৰ অসাৱধানতা ফলত হোৱা কাৰোবাৰ মৃত্যুৰ পুলিচক বা দণ্ডাধীশ ক খবৰ নিদিয়াটোয়েই হৈ পৰে ইচ্ছাকৃত ভাবে কৰা মৃত্যুৰ সমকক্ষ।
এক অনিচ্ছাকৃত মৃত্যু আৰু ইচ্ছাকৃত মৃত্যুক একে শাৰীত ৰখাটো ন্যায়ৰ পৰিপন্থী।
ইয়াৰে পিছৰ কথাটি হ'ল এই ধাৰা আজিৰ সময়ত কিমান যুক্তিপূৰ্ণ? ভাৰতত ভীৰতন্ত্ৰ (mobocracy) ৰ এতিয়া জয়জয় ময়ময় অৱস্থা। কোনো গাওঁত সৰু চোৰক ধৰোতে হোৱা ভীৰৰ আক্ৰমণ ঘটনাৰ পৰা চালকৰ সৰু ভুলৰ বাবে মাৰিয়াই মাৰি পেলোৱাৰ ঘটনা খবৰত দেখা এতিয়া একো আচৰিত কথা নহয়। ভীৰৰ দ্বাৰা হোৱা অপৰাধৰ সংখ্যা বাঢ়ি যোৱাৰ ঘটনাৰ বাবেই এই নতুন ন্যায় সংহিতাত ভীৰহত্যাক এক পৃথক অপৰাধ হিচাপে সন্নিৱিষ্ট কৰা হৈছে। তেনে অৱস্থাত বাহন চালকে সেই ঠাইত ৰৈ দিয়াৰ সাহস কৰিব পাৰিবনে?
দুটা উদাহৰণৰ ইয়াত প্ৰয়োজন। ভাৰতীয় ন্যায় সংহিতা অনুসৰি নভৱা-নিচিন্তাকৈ অসাৱধানতাৰে বাহন চালন (rash and negligent driving) কৰি কাৰোবাক খুন্দিয়াই পুলিচ বা দণ্ডাধীশ ৰ ওচৰত নগৈ পলায়ন কৰিলে ১০ বছৰ জেল ঠিকেই, কিন্তু সাৱধানতাৰে, ভাবি চিন্তি চলোৱাৰ পিছতো কোনো ব্যক্তিৰ তেওঁৰ নিজৰ ভুল বা অসাৱধানতাৰ বাবে ( যেনে : ৰাস্তা পাৰ হওঁতে মন নিদিয়া) যদি কাৰোবাৰ মৄত্যু হয় তেতিয়া চালকজনৰ দ্বায়িত্ব কি হ'ব? আখৰে আখৰে (literally) এই ধাৰা পঢ়িলে বুজা যায় যে চালকৰ উপৰত তেতিয়া এই ধাৰা প্ৰয়োগেই নহয় কিয়নো তেওঁ
'rash and negligent driving' কৰা নাছিল । তাৰ মানে তেনে অৱস্থাত কোনো ব্যক্তি ৰাস্তাত এৰি যোৱাটো ন্যায় সংগত? ই ত্ৰুটিপূৰ্ণ।
এতিয়া আহো দ্বিতীয় উদাহৰণলৈ। ধৰা হওঁক এইবাৰ চালকে অসাৱধানতাৰে বাহন চালন কৰিছিল যাৰ ফলত দুৰ্ঘটনা হৈ মৃত্যু হ'ল। এতিয়া তেওঁ পুলিচক বা দণ্ডাধীশক এই ধাৰা অনুসৰি খবৰ দিয়াটো বাঞ্চনীয়। তাৰ অৰ্থ এয়া নহল নে যে তেওঁক নিজৰ বিৰুদ্ধে নিজেই অসাৱধানতাৰে বাহন চালন কৰা বুলি স্বীকাৰ কৰাবলৈ বাধ্য কৰা হৈছে? ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২০ (৩) ৰ অধীনত নিজৰ বিৰুদ্ধে নিজেই কোনো অপৰাধ সংঘটিত কৰাৰ প্ৰমাণ দিবলৈ বাধ্য কৰাব নোৱাৰে। (Right against Self incrimination)।
এতিয়া পুলিচ থানাত খবৰ দিয়া মানেই নিজে rash and negligent driving কৰা বুলি স্বীকাৰ কৰা নহলনে? যদি হয়, তেন্তে ই হ'ব দণ্ডবিধি ন্যায় ব্যবস্থাৰ পৰিপন্থী কিয়নো ইয়াৰ দ্বাৰা নিজৰ বিৰূদ্ধে প্ৰমাণ দিবলৈ বাধ্য কৰোৱা হ'ব।
ই সত্য যে ভাৰতত প্ৰতিদিনে বাহনেৰে খুন্দিয়াই পলয়ানৰ বাবে হোৱা মৃত্যুৰ সংখ্যা বাঢ়িছে। ২০২১ চনৰ চৰকাৰী ৰিপোৰ্ট মতে সেইবৰ্ষত খুন্দিয়াই পলয়ান কৰাৰ ফলত প্ৰায় ২৬ হাজাৰ লোকৰ মৃত্যু হৈছে। কিন্তু এই সমস্যা যে কেৱল এক কঠোৰ আইনৰ দ্বাৰা সমাধান কৰিব পৰা যাব সেই কথা মুঠেই পতিয়নযোগ্য নহয়। ইয়াৰ সলনি কিছুমান চৰকাৰৰ ধনাত্মক পদ্ধতিৰে হে ইয়াৰ সমাধান পোৱা যাব পাৰে। উদাহৰণস্বৰূপে, টোলগেট বা নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে সুৰাপান কৰি গাড়ী চলাইছে নেকি সেই চাবলৈ Breath Analyzer যন্ত্ৰ বহুৱাব পৰা যায়, কিয়নো ৰাস্তাত দুৰ্ঘটনা হোৱাৰ এক অন্যতম কাৰণ হল সুৰাপায়ী চালক। ইয়াৰোপৰি, ভ্ৰাম্যমান চিকিৎসালয়ৰ ব্যবস্থা কৰিও এই মৃত্যুৰ হাৰ কমাব পৰা যায়।
'হিট এণ্ড ৰান' ৰোধ কৰিবলৈ এক নতুন ধাৰা সন্নিৱিষ্ট কৰাটোৱেই এক সমস্যা নহব পাৰে, বা এই ধাৰাৰ প্ৰয়োজনৰ সপক্ষে যুক্তিও আছে, কিন্তু এটা কথা ঠিক যে ১০ বছৰ পৰ্যন্ত হবলগীয়া কাৰাদণ্ড এক অতি কঠোৰ শাস্তি কিয়নো অপৰাধ আৰু সেই অপৰাধ শাস্তি সন্তুলিত নহয়।
এই আইনৰ ধাৰাত বুজিবলৈ অসুবিধা হয় যে কেনেকৈ চালকৰ অসাৱধানতাৰ ফলত হোৱা মৃত্যুৰ শাস্তি, কোনো চিকিৎসকৰ অসাৱধানতাৰ বাবে হোৱা মৃত্যুৰ বাবে হোৱা শাস্তিতকৈ ০৮ বছৰ অতিৰিক্ত। বুজিবলৈ দিগদাৰ হয় যদি অসাৱধানতাৰ ফলত হোৱা মৃত্যুৰ বাবে চালকে পুলিচক খবৰ দিয়াটো বাঞ্চনীয়, তেনেকৈ ডাক্তৰৰ অসাৱধানতাৰ বাবে হোৱা মৃত্যুৰ খবৰ খোদ চিকিৎসকে কিয় পুলিচক দিয়াটো বাঞ্চনীয় নহয়।
১০৬(২) ধাৰাৰ দ্বাৰা প্ৰভাৱিত হ'ব দেশৰ ২৩.৬ কোটি ড্ৰাইভিঙ লাইচেঞ্চ থকা চালক আৰু মূলতঃ বাণিজ্যিক মটৰ চলোৱা চালকসকল। উপৰোক্ত কথাখিনিয়ে দেশৰ চালকসকলে এই আইন সন্দৰ্ভত কৰা চিন্তাক ন্যায্যতা প্ৰদান কৰে। সেয়ে এই আইন পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন।
-
সুস্মিত ইচ্ফাক
৮৮৭৬৭ ০৪২০০



Comments
Post a Comment