বাংলাদেশৰ ছাত্ৰ বিদ্ৰোহৰ সাংবিধানিক বিশ্লেষণ
যোৱা ৫ জুন,২০২৪ তাৰিখে বাংলাদেশ উচ্চ ন্যায়ালয়ৰ এটি বিতৰ্কিত ৰায়ে এতিয়া বাংলাদেশৰ ৰাজনীতিত তোলপাৰ লগাইছে। ন্যায়ালয়ে মুক্তি যুঁজাৰু সকলৰ পৰিয়ালৰ বাবে চাকৰিত থকা ৩০ শতাংশ সংৰক্ষণ পুনৰ বাহাল কৰিবলৈ আদেশ দিয়াৰ লগে লগে ছাত্ৰ সমাজে ৰাস্তাত আন্দোলনত নামিছে। খবৰ অনুসৰি ইতিমধ্যে অতি কমেও ১৬৩ জনৰ মৃত্যুৰ লগতে প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী আঘাত প্ৰাপ্ত হৈছে। এই আন্দোলনৰ মূল দাবী : চাকৰিত সংৰক্ষণ পুনৰবিচাৰ কৰি যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰদান।
আচলতে, বাংলাদেশৰ ইতিহাস হৈছে আন্দোলনৰ ইতিহাস। ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধ, হুছেইন মহম্মদ ইৰ্চাদৰ বিৰুদ্ধে হোৱা ১৯৯০ চনৰ স্বৈৰাচাৰ বিৰোধী আন্দোলন, ২০১৩ চনৰ শাহবাগ আন্দোলন আদি তাৰে কেইটামান উল্লেখযোগ্য উদাহৰণ।
ইয়াৰ উপৰিও বাংলাদেশত সময়ে সময়ে সংৰক্ষণ বিৰোধী আন্দোলনো চলি আহিছে। ২০১৩ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত বাংলাদেশ লোকসেৱা পৰীক্ষাত মুক্তি যুঁজাৰুৰ পৰিয়ালৰ আৰু অন্যান্যৰ বাবে থকা সংৰক্ষণৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন সংঘটিত হৈছিল। এই আন্দোলনৰ যদিও কোনো তাৎক্ষণিক ফল চকুত পৰা নাছিল পিছে ছাত্ৰ সমাজৰ ভিতৰত সংৰক্ষণৰ বিৰুদ্ধে থকা ক্ষোভৰ অগনি উমি উমি তেতিয়াৰে পৰা জ্বলি আছিল। এই ক্ষোভৰ পুনৰবাৰ বহি: প্রকাশ হয় ২০১৮ চনত আৰু সেইবাৰো এই আন্দোলনৰ নেতৃত্বত আছিল ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। ২০১৮ চনৰ আন্দোলন আগতকৈ আছিল বেছি ফলপ্ৰসূ আৰু বিশাল। এই আন্দোলনৰ সমুখতেই শেও মানি সেই সময়ৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক পৰিপত্ৰৰ দ্বাৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিৰ পৰা সংৰক্ষণ আঁতৰাই দিয়ে আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ বাবে সংৰক্ষণ বাহাল ৰাখে যদিও খালী থকা পদসমূহ যোগ্যতাৰ ভিত্তিত প্ৰদান কৰাৰ কথা ঘোষণা কৰে। শ্বেখ হাছিনাৰ চৰকাৰে জাৰী কৰা এই পৰিপত্ৰৰ বিৰুদ্ধে গৈ মুক্তি যুঁজাৰু সকলৰ পৰিয়ালৰ হৈ ২০২১ চনত কিছু ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰে, যাৰ ৰায়দান হয় ৫ জুন তাৰিখে মুক্তি যুঁজাৰু সকলৰ পৰিয়ালৰ পক্ষত, আৰু ইয়াৰ ফলস্বৰূপে বাংলাদেশত পুনৰ প্ৰতিবাদৰ আৰম্ভনি হয় ।
বাংলাদেশত সংৰক্ষণৰ ইতিহাস:
বাংলাদেশ মুক্তিযুদ্ধৰ পিছতেই ইয়াক নেতৃত্ব দিয়া 'বংগবন্ধু' শ্বেখ মুজিবুৰ ৰহমানৰ চৰকাৰে ১৯৭২ চনত এক পৰিপত্ৰৰ দ্বাৰা সকলো চৰকাৰী, অৰ্ধ চৰকাৰী আৰু আন চৰকাৰী নিয়ন্ত্ৰিত বিভাগত মুক্তি যুঁজাৰু সকলৰ বাবে ৩০ শতাংশ আৰু মুক্তি যুঁজত প্ৰভাৱিত মহিলাৰ (affected women) বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰে। এই মৰ্মেই ১৯৭৫ চনলৈ এই সংৰক্ষণৰ ব্যৱস্থাৰে নিযুক্তি প্ৰক্ৰিয়া চলি থাকে যদিও শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাৰ পিছত এই ব্যৱস্থা কাগজে পত্ৰই বাহাল থাকে যদিও বাস্তৱত সংৰক্ষণ কাৰ্যকৰী হৈ নাথাকে। অভিযোগ অনুসৰি এই সময়ত মুক্তি যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে ইচ্ছাকৃতভাবে মুক্তি যুদ্ধ বিৰোধী সকলে বৈষম্য কৰে আৰু চৰকাৰী চাকৰি লাভৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখে। ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে যেতিয়া শ্বেখ মুজিবুৰ ৰহমানৰ জীয়ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত আৱামী লীগ ক্ষমতাত আহে, সংৰক্ষণ ব্যৱস্থা পুনৰ বাহাল কৰা হয়। এইবাৰ এই ৩০ শতাংশ সংৰক্ষণ মুক্তি যুঁজাৰু সকলৰ লগতে তেওঁলোকৰ সন্তানসকলকো সামৰি লয়। ২০০১ চনৰ নিৰ্বাচনত শ্বেখ হাছিনাক পৰাস্ত কৰি খালেদা জিয়াৰ নেতৃত্বৰ চৰকাৰ ক্ষমতাত অহাৰ পিছতেই এই সংৰক্ষণ ব্যৱস্থাৰ কিছু সালসলনি কৰি নতুন নিয়ম কৰে যে যদিহে সংৰক্ষিত পদ খালি থাকে, তেন্তে সেই পদ যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হব। এই সিদ্ধান্তই মুক্তি যুঁজাৰু সকলৰ পৰিয়ালৰ মাজত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু কাৰিকৰী কাৰণ দেখুৱাই তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বুলি উদ্বেগ প্ৰকাশ কৰে। ২০১০ চনত দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহি শ্বেখ হাছিনাৰ চৰকাৰে
এক নতুন পৰিপত্ৰৰ দ্বাৰা ২০০১ চনৰ সংৰক্ষণ ব্যবস্থাৰ সংশোধন কৰি নতুন নিয়ম জাৰী কৰে যে যদিহে মুক্তি যুঁজাৰুসকলৰ পৰিয়ালৰ বাবে থকা ৩০ শতাংশ সংৰক্ষিত পদ ভৰ্তি নহয়, তেন্তে সেই পদ খালি হিচাপেই গণ্য কৰা হব। অৰ্থাৎ এই সংশোধনীৰে যোগ্যতাৰ ভিত্তিত সেই খালি পদ পূৰণ কৰাৰ নিয়ম ২০১০ চনত বাতিল কৰা হয় । ২০১১ চনত পুনৰবাৰ এক নতুন পৰিপত্ৰৰ দ্বাৰা চৰকাৰে ৩০ শতাংশ সংৰক্ষণ মুক্তি যুঁজাৰু, তেওঁলোকৰ সন্তানসকলৰ পিছত এইবাৰ তেওঁলোকৰ তৃতীয় প্ৰজন্ম অৰ্থাৎ নাতি নাতিনীলৈ প্ৰসাৰ কৰে। ইয়াৰ প্ৰায় ৭ বছৰ পিছত ২০১৮ চনত ছাত্ৰ ছাত্ৰীৰ আন্দোলনৰ সমুখত সেও মানি বাংলাদেশ চৰকাৰে সংৰক্ষণৰ নীতিত ব্যাপক সালসলনি কৰি এক বৃহৎ সংখ্যক পদৰ পৰা সংৰক্ষণ ব্যবস্থা আঁতৰাই যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে।
বাংলাদেশত সংৰক্ষণৰ ইতিহাসৰ পৰা বুজিব পাৰি যে আৱামী লীগৰ চৰকাৰে সকলো সময়তে (২০১৮ চনৰ বাহিৰে) মুক্তি যুঁজাৰু সকলৰ সংৰক্ষণৰ বাবে ব্যবস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ পিছত ৰাজনৈতিক কাৰণ থকা স্বাভাৱিক। বাংলাদেশত বৰ্তমান ৩০ শতাংশ পদ মুক্তি যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে, ১০ শতাংশ মুক্তি যুদ্ধত প্ৰভাৱিত মহিলা সকলৰ বাবে, পিছপৰা জিলাৰ বাবে ১০ শতাংশ, ৫ শতাংশ পিছপৰা জাতি আৰু শাৰীৰিক ভাবে অক্ষম লোকৰ বাৰ ১ শতাংশ সংৰক্ষিত। অৰ্থাৎ কেৱল ৪৪ শতাংশ পদহে যোগ্যতাৰ ভিত্তিত প্ৰদান কৰা হয়। উল্লেখ্য যে বৰ্তমান বাংলাদেশত চলিত এই প্ৰতিবাদ পোনপটীয়াভাবে সংৰক্ষণ বিৰোধী নহয়, ই কেৱল মুক্তি যুঁজাৰু সকলৰ বাবে থকা ৩০ শতাংশ সংৰক্ষণৰ বিৰুদ্ধেহে। ইয়াৰ অৰ্থ এয়ে যে ছাত্ৰ ছাত্ৰসকলে সকলো ধৰনৰ সংৰক্ষণৰ বিলোপ কৰি প্ৰতিভাতন্ত্ৰ (meritocracy) প্ৰতিষ্ঠাৰ এই প্ৰতিবাদ নহয়, কেৱল মুক্তি যুঁজাৰু সকলৰ বিশেষ সুবিধাৰ বিলোপৰ দাবীত হে এই প্ৰতিবাদ।
বাংলাদেশৰ সংবিধান আৰু সংৰক্ষণ:
বিশ্বৰ আন আন সাংবিধানিক-গণতান্ত্ৰিক দেশৰ দৰে বাংলাদেশৰ সংবিধানো মূলত: সমতা, আইনৰ শাসন আদি নীতিৰ ওপৰত ভিত্তি কৰিয়েই ৰচনা কৰা হৈছে আৰু সেয়ে ভাৰতৰ সংবিধানৰ লগত বহু ক্ষেত্ৰত ইয়াৰ মিল দেখা যায়। বাংলাদেশৰ সংবিধানৰ অনুচ্ছেদ ২৭ অনুসৰি আইনৰ আগত সকলো ব্যক্তি সমান। ই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪ ৰ অনুৰূপ। বাংলাদেশৰ সংবিধানৰ অনুচ্ছেদ ২৭ ক পূৰ্ণতা প্ৰদান কৰে অনুচ্ছেদ ২৮ আৰু ২৯ য়ে। অনুচ্ছেদ ২৮ অনুসৰি ৰাষ্ট্ৰই ধৰ্ম,বৰ্ণ,জাতি,লিংগ আৰু জন্মস্থানৰ নামত কোনো বৈষম্য কৰিব নোৱাৰিব। পিছে অনুচ্ছেদ ২৮(৪) য়ে এই নিয়মৰ ব্যতিক্ৰম (exception) হিচাপে কয় যে অনুচ্ছেদ ২৮ য়ে মহিলা, শিশু আৰু পিছপৰা শ্ৰেণীৰ নাগৰিকৰ (backward section of citizens) বাবে কোনো বিশেষ আইন প্ৰণয়নত বাধা নিদিয়ে। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৫ ৰ সৈতে
ইয়াৰ মিল আছে যদিও এক গুৰুত্বপূৰ্ণ অমিল হৈছে যে বাংলাদেশৰ সংবিধানে পিছপৰা শ্ৰেণীৰ নাগৰিকৰ বাবে আইন প্ৰণয়নৰ কথা কৈছে আৰু ভাৰতৰ সংবিধানে অনুসূচিত জাতি, জনজাতিৰ লগতে সামাজিক আৰু শিক্ষাগত ভাবে পিছপৰা শ্ৰেণী (socially and educationally backward class) নাগৰিকৰ বাবে আইন প্ৰণয়নত বাধা নথকাত জোৰ দিছে।
ইয়াৰে লগতে, বাংলাদেশৰ সংবিধানৰ অনুচ্ছেদ ২৯ৰ (যিয়ে ৰাজহুৱা নিয়োগত সুবিধাৰ সমতাৰ কথা কয়) উপদফা ৩(ক) য়ে কয় যে অনুচ্ছেদ ২৯ য়ে পিছপৰা শ্ৰেণীৰ নাগৰিক, যাৰ ৰাজহুৱা নিয়োগত পৰ্য্যাপ্ত প্ৰতিনিধি নাই তেওঁলোকৰ সুবিধাৰ বাবে বিশেষ আইন কৰাত কোনো বাধা নিদিয়ে।
এই অনুচ্ছেদৰ ভিতৰত কোনো লোকে পৰিবনে নাই, তাক বিচাৰ কৰাৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা হ'ল 'পিছপৰা শ্ৰেণীৰ নাগৰিক' আৰু সেই শ্ৰেণীৰ 'ৰাজহুৱা নিয়োগত পৰ্য্যাপ্ত প্ৰতিনিধিত্ব'। বাংলাদেশ উচ্চ ন্যায়ালয়ৰ যোৱা ৫ জুন, ২০২৪ ৰ ৰায় বিশ্লেষণ কৰিলে দেখা যায় যে, ন্যায়ালয়ে মুক্তি যুঁজাৰু সকলে দেশৰ বাবে দিনা প্রতিদানৰ কথা দুহাৰি মন্তব্য কৰিছে যে ১৯৭৫ চনৰ পৰা ১৯৯৬ চনলৈ ( শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ পিছৰ পৰা শ্বেখ হাছিনাৰ নেতৃত্বত চৰকাৰ গঠন হোৱা পৰ্যন্ত ) ২১ টা বছৰে তেওঁলোকে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বৈষম্যৰ বলি হৈছে আৰু এই বৈষম্যই তেওঁলোকক বাংলাদেশৰ পিছপৰা শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰিছে।
বাংলাদেশ উচ্চ ন্যায়লয়ৰ এই ৰায়ত দুই ধৰণৰ ত্ৰুটি দেখিবলৈ পোৱা যায়। প্ৰথমে, এই উচ্চ ন্যায়ালয়ে কেৱল ঐতিহাসিক পটভূমিৰ দোহাই দি সিদ্ধান্তত উপনীত হৈছে যে মুক্তি যুঁজাৰুসকল ঐতিহাসিক ভাৱে পিছপৰি ৰৈছে। সাধাৰনতে ন্যায়ালয়ে পিছপৰা জাতিৰ সংজ্ঞা নিৰ্ধাৰণ কৰোঁতে নিৰ্দিষ্ট মাপকাঠিৰে কৰা বৈজ্ঞানিক সমীক্ষাক হে প্ৰাধান্য দিয়ে। এই ক্ষেত্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কিছু ৰায় বিশ্লেষণ কৰি চালে ধৰিব পাৰি। উদাহৰণস্বৰূপে, ইন্দ্ৰা চাহানী ৰায়ত উচ্চতম ন্যায়ালয়ে বি. পি. মণ্ডল কমিছনৰ প্ৰতিবেদনৰ ভিত্তিত মন্তব্য দিছিল যে ভাৰতত পিছপৰা লোক বিচাৰ কৰাত 'জাতি' এক গুৰুত্বপূৰ্ণ মাপকাঠি। ইয়াৰ উপৰিও ন্যায়ালয়ে শিক্ষাগত, সামাজিক আৰু অৰ্থনৈতিক পশ্চাদপদতা জুখিবৰ বাবে ১১ দফীয়া সূচকৰ পোষকতা কৰিছিল। ইয়াৰে পিছতেই ২০০৬ চনৰ এম. নাগৰাজ ৰায়ত পুনৰ মন্তব্য কৰিছিল যে সামাজিক আৰু শিক্ষাগত পশ্চাদপদতা জুখিবৰ বাবে এক সাংখ্যিক (quantifiable) মাপকাঠিৰ প্ৰয়োজন। পিছে বাংলাদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ত তেনেধৰণৰ কোনো মাপকাঠিৰ কথা উল্লেখ পোৱা নাযায়। মুক্তি যুদ্ধৰ প্ৰায় ৫৪ বছৰ পিছতো মুক্তি যুঁজাৰুৰ পৰিয়াল সঁচাকৈয়ে পিছপৰি আছে নে নাই, সেই কথা জানিবৰ বাবে এক বৈজ্ঞানিক সমীক্ষাৰ প্ৰয়োজন। কেৱল ঐতিহাসিক কাৰণৰ দোহাই দি ৩০ শতাংশ সংৰক্ষণ ৰখাৰ যুক্তি মানি লোৱাটো টান। দ্বিতীয়তে, ৰাজহুৱা নিয়োগত পৰ্য্যাপ্ত প্ৰতিনিধিত্ব বিচাৰ কৰাৰ বাবে কোনো ধৰণৰ তথ্য বা পৰিসংখ্যা উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত অন্তৰ্ভুক্ত কৰা নাই। ইয়াৰ ফলত এয়া নিশ্চিত হব পৰা নাযায় যে সঁচাকৈয়ে মুক্তি যুঁজাৰুৰ পৰিয়ালৰ ৰাজহুৱা নিয়োগত পৰ্য্যাপ্ত প্ৰতিনিধিত্ব নাই। ন্যায়ালয়ে নিজৰ ৰায়ত পূৰ্বদৃষ্টান্ত হিচাপে ২০১০ আৰু ২০১২ চনৰ উচ্চ ন্যায়ালয়ৰে দুটি নজিৰ দাঙি ধৰিছে আৰু কৈছে যে ন্যায়ালয়ে আগতেও সংৰক্ষণ বাহাল ৰখাৰ নিৰ্দেশ দিছিল আৰু যিহেতু ২০১৮ চনৰ পৰিপত্ৰৰ জৰিয়তে সেইসময়ৰ চৰকাৰে সংৰক্ষণ ব্যৱস্থা উঠাই দিয়াৰ কথা কৈছে, সেয়ে এই পৰিপত্ৰ আইন সংগত নহয়। এই কথা সঁচা যে সামূহিক আইন (common law) অনুসৰণ কৰা দেশ সমূহত ন্যায়ালয়ৰ ৰায়ে আইনৰ মৰ্যদা পায়, কিন্তু সেই ৰায়ৰ যুক্তিযুক্ততা বিচাৰ নকৰাকৈ কেৱল অন্ধ পালনে ন্যায়ৰ পৰিপন্থী হ'ব পাৰে।
বাংলাদেশত চলিত সংৰক্ষণ সংস্কাৰৰ দাবী আজিৰ নহয়। বহু সময়ৰ পৰা ইয়াৰ বিৰুদ্ধে মূলতঃ ছাত্ৰ সমাজে কৰি আহিছে। এই দাবীৰ ন্যায্যতা একবাৰতে দলিয়াই পেলাব নোৱাৰি কিয়নো যি হাৰত ভাৰত আৰু ইয়াৰ উপমহাদেশৰ দেশ সমূহত নিবনুৱা সমস্যা বৃদ্ধি পাইছে, তেনে স্থলত মুক্তি যুঁজাৰুৰ তৃতীয় প্ৰজন্ম পৰ্যন্ত ৩০ শতাংশ সংৰক্ষণৰ এই নিয়ম পুনৰ বিবেচনা কৰা উচিত। এই ক্ষেত্ৰত বাংলাদেশৰ ন্যায়ালয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংৰক্ষণ ব্যৱস্থাৰ সন্দৰ্ভত কৰা ৰায়দান সমূহক নজীৰ হিচাপেলৈ চৰকাৰক এক বৈজ্ঞানিক মাপকাঠিৰ ভিত্তিত সমীক্ষা কৰিবলৈ নিৰ্দেশ দিব পাৰে কিয়নো কেৱল এক বৈজ্ঞানিক সমীক্ষাইহে পশ্চাদপদ শ্ৰেণীৰ নাগৰিক বিচাৰ কৰাত যুক্তিপূৰ্ণ হ'ব।
বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে বৰ্তমান উচ্চ ন্যায়ালয়ৰ সংৰক্ষণ বাহাল ৰখাৰ ৰায়ৰ উপৰত স্থগিতাদেশ জাৰী কৰিছে। আগন্তুক সময়ত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত সকলোৱে নজৰ ৰাখিব।
(Update: যোৱা ২১ জুন,২০২৪ তাৰিখে, এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক অবৈধ ঘোষণা কৰে আৰু ৯৩ শতাংশ আসন অসংৰক্ষিত থাকিব বুলি ৰায়দান দিয়ে। বাকী আসনৰ ৫ শতাংশ মুক্তি যুজাঁৰুৰ পৰিয়াল আৰু ২ শতাংশ সংখ্যালঘু, শাৰীৰিক ভাবে অক্ষম আদি শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষিত থাকিব বুলি ৰায়দান কৰে।)
- সুস্মিত ইচ্ফাক
মেইল: susmit@nehu.ac.in
|  | 
| ২৩ জুলাই, ২০২৪ তাৰিখৰ আমাৰ অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত। | 



Comments
Post a Comment