কলেজ শিক্ষক নিযুক্তিৰ খচৰাৰ বিৰুদ্ধে কেইটামান যুক্তি
অসম চৰকাৰে যোৱা সপ্তাহত ৰাজহুৱা কৰা অসম মহাবিদ্যালয় কৰ্মচাৰী ( প্ৰাদেশিকীকৰণ) নিয়ম, ২০২৪ ৰ খচৰা নীতিখন বৰ্তমান অসমৰ বৌদ্ধিক মহলৰ চৰ্চাৰ অন্যতম বিষয় হৈ পৰিছে। এই বিষয়ে চৰ্চা হোৱাও স্বাভাৱিক কিয়নো অধ্যাপক নিযুক্তি প্ৰক্ৰিয়াত এক এই নিয়মে এক আমূল পৰিবৰ্তন আনিব বিচাৰিছে। খচৰা নিয়মখনৰ যিয়ে ভালকৈ এবাৰ পঢ়ি চাইছে, তেওঁলোকে হয়তো উপলব্ধি কৰিছে ইয়াৰ ভয়াৱহতা। এই নীতি যদিহে আইনলৈ ৰূপান্তৰিত হয়, তেন্তে অসমৰ উচ্চ শিক্ষা ধোৱাচাঙত উঠা একপ্ৰকাৰ নিশ্চিত।
ভিন্ন পদ- এক পাঠ্যক্ৰম
প্ৰথম কথা, চৰকাৰে প্ৰস্তুত কৰা খচৰা নীতিখন একে সময়তে অদ্ভূত তথা অযুক্তিকৰেই নহয়, ই হাস্যকৰো। খচৰা খনৰ ৫ নং দফা অনুসৰি অধ্যক্ষ, সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক, সহকাৰী গ্ৰন্থাগাৰিক, গ্ৰন্থাগাৰ সহকাৰী, পিয়ন, চকিদাৰ, মালী, পৰীক্ষাগাৰ সহায়ক - এই সমগ্ৰ পদত প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰে আনুসংগিক হৈছে ৯ নং দফা য'ত শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কোৱা হৈছে যে আইন হোৱাৰ দিনা নিয়মখনৰ অনুসূচি ২ ত দিয়া পাঠ্যক্ৰমৰ ভিত্তিত পৰীক্ষা পাতি প্ৰত্যক্ষ নিযুক্তি দিব। কেৱল অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত এক ইণ্টাৰভিউ পাতি নিযুক্তি দিয়া হব বুলি এই নিয়মত লিখা হৈছে। যিহেতু বাকী পদ সমূহৰ ক্ষেত্ৰত তেনেকৈ প্ৰত্যক্ষ ভাবে একো লিখা নাই আৰু লিখিত পৰীক্ষাৰ কথা কৈছে, ইয়াৰ অৰ্থ এয়াই বুজা যায় যে সহকাৰী অধ্যাপকৰ পৰা পিয়ন বা মালীপদৰ চাকৰিৰ বাবে পৰীক্ষা ২ নং অনুসূচিত দিয়া পাঠ্যক্ৰমৰ ভিত্তিত হব। ই কেনেধৰণৰ কথা? সহকাৰী অধ্যাপক এজনৰ প্ৰধান কাম হৈছে তেওঁৰ নিৰ্দিষ্ট বিষয়, যি বিষয় তেওঁ বহু বছৰ ধৰি পঢ়িছে,পৰীক্ষা দিছে, শৈক্ষিক লেখা লিখিছে, গৱেষণা কৰিছে, জাতীয় আৰু আন্তৰ্জাতিক ক্ষেত্ৰৰ প্ৰতিষ্ঠিত গৱেষণা পত্ৰত কষ্টেৰে লেখা চপাইছে , নেট বা শ্লেট উত্তীৰ্ণ হৈছে- সেই বিষয়ৰ ওপৰত উচ্চ শিক্ষা পৰ্য্যায়ত শিক্ষাদান কৰা। তেওঁলোকক বাছনি কৰা পৰীক্ষা আৰু দৈনন্দিন কাম কাজ চলাবৰ বাবে থকা পদৰ বাছনি পৰীক্ষাৰ পাঠ্যক্ৰম একেই হোৱাটো অযুক্তিকৰ। অনুসূচী ২ ৰ পাঠ্যক্ৰম অনুসৰি ৯০ শতাংশ প্ৰশ্ন হ'ব সাধাৰণ জ্ঞান, বুৰঞ্জী, ভূগোল, অংক, চৰকাৰী আঁচনি, ভাৰতীয় জ্ঞান ব্যৱস্থা(?) কে ধৰি অন্যান্য বিষয়সমূহৰ ওপৰত আৰু কেৱল মাত্ৰ ৫% নম্বৰ লোৱা হব নিজৰ বিষয়ৰ পৰা। মহাবিদ্যালয় তথা উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহ মানৱ সম্পদ গঢ়ি তোলাৰ কাৰখানা বুলি প্রায়েই অভিহিত কৰা হয়। তেনে স্থলত সেই কাৰখানাৰ প্ৰশিক্ষক গৰাকীৰ গুণগত মানদণ্ড নিৰূপণ কৰিবলৈ তেওঁ প্ৰশিক্ষণ দিবলগীয়া বিষয়ৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি হোৱাৰ প্ৰয়োজন নে সকলো বিষয় অলপ অলপ সামৰি এক সাধাৰণীকৃত পাঠ্যক্ৰমৰ ওপৰত?
গৱেষণা, শিক্ষাদানৰ অভিজ্ঞতা মূল্যহীন
ইয়াৰোপৰি, বিবাদিত খচৰাখনে গৱেষণা, শিক্ষাদানৰ অভিজ্ঞতা আদি বিষয়ক সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে। যিহেতু, শিক্ষক বাছনি হব এক সাধাৰণীকৃত পৰীক্ষাৰ ওপৰত, সেয়ে এজন ছাত্ৰৰ গৱেষণাৰ অভিজ্ঞতা, গৱেষণা-পত্ৰ লিখা অভিজ্ঞতা, শিক্ষাদানৰ অভিজ্ঞতা আদি এই খচৰা মতে মূল্যহীন। এতিয়া ভাবি চাওঁক, যিয়ে এটা বিষয়ৰ ওপৰত তিনিবছৰ স্নাতক কৰি, দুবছৰ স্নাতকোত্তৰ কৰি, দুবছৰ আকৌ এম. ফিল কৰি প্ৰায় ৩-৭ বছৰ এক দীঘলীয়া সময় গৱেষণা কৰি পিএইচ. ডি ডিগ্ৰী লাভ কৰিব, যাক উচ্চ শিক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ ডিগ্ৰী বুলি সমগ্ৰ বিশ্বতে ধৰা হয়, সেই ডিগ্ৰীৰ মান এতিয়া অসম মূলুকত নাইকীয়া কৰিবলৈ তৎপৰ হৈছে শিক্ষা বিভাগ। পিএইচ. ডি ডিগ্ৰী ইমানেই মূল্যহীন যে নেট বা শ্লেট উত্তীৰ্ণ নোহোৱাকৈ ২০১০ চনৰ পিছত পিএইচ. ডি ডিগ্ৰী লাভ কৰা সকলে এতিয়া চাকৰি টো বাদেই, চাকৰিৰ বাবে হোৱা বাছনি পৰীক্ষাটো অৱতীৰ্ণ হ'ব নোৱাৰে। ই কেৱল অন্যায়েই নহয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ামাৱলীৰো পৰিপন্থী। আয়োগৰ নিয়ম অনুসৰি মহাবিদ্যালয়ৰ শিক্ষক হোৱাৰ নুন্যতম যোগ্যতা হ'ল নিৰ্দিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ৰ সৈতে নেট/শ্লেট অথবা পিএইচ. ডি ডিগ্ৰী। অৰ্থাৎ এজন প্ৰাৰ্থীৰ পিএইচ. ডি ডিগ্ৰী থাকিলে তেখেতৰ নুন্যতম যোগ্যতাৰ যি মাপকাঠি, সেয়া পূৰ্ণ হয় আৰু তাৰ বাবে নেট/শ্লেট প্ৰয়োজন নহয়। অসমৰ বৰ্তমান ব্যৱস্থাটো এজন নেট/শ্লেট নথকা পিএইচ. ডি ডিগ্ৰীধাৰীয়ে
ইণ্টাৰ্ভিউত অৱতীৰ্ণ হ'ব পাৰে ( যদিও পিএইচ. ডি ৰ বাবে দিয়া অতিৰিক্ত নম্বৰ নেট/শ্লেট অবিহনে যুক্ত নহয়)। পিছে এই নতুন খচৰাই সেই চাম শিক্ষাৰ্থীক পোনচাতেই অযোগ্য ঘোষণা কৰিছে। ইয়াৰে লগতে বৰ্তমান ব্যৱস্থাত এম. ফিল ডিগ্ৰীৰ বাবে থকা নম্বৰ আঁতৰাই, এম. ফিল ডিগ্ৰীৰো সকলো মান্যতা শেষ কৰিছে।
দুই পৃথক শ্ৰেণীক সমান স্তৰলৈ অৱনমিত
শেহতীয়াকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নেট/শ্লেট থকা এগৰাকী ছাত্ৰ আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভৰ পিছত জীৱনৰ প্ৰায় এটা দশক গৱেষণাৰ বাবে ব্ৰতী যিয়ে তেওঁৰ বিষয়ৰ গভীৰতালৈ গৈ, বিষয়টিৰ ন ন দিশ বিশ্লেষণ কৰা এগৰাকী ছাত্ৰ- এই খচৰাৰ দৃষ্টিত সমান। তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই। সাধাৰণীকৃত পৰীক্ষা দিয়ক আৰু যিয়ে বেছি নম্বৰ লাভ কৰিব, তেওঁ হৈ পৰিব যোগ্য। এয়া কিদৰে যুক্তিসংগত? আমাৰ মতত আইনী দৃষ্টিত এই দুয়োটা এক পৃথক শ্ৰেণী। নতুনকৈ উত্তীৰ্ণ হোৱা এজন আৰু দশকজোৰা গৱেষণাৰ অভিজ্ঞতা থকা এজনক একে শাৰীত আনি থিয় কৰাই দিয়া অনুচ্ছেদ ১৪ৰ পৰিপন্থী।
সাংবিধানিক ভাবে এয়া এক প্ৰতিষ্ঠিত নীতি যে দুই শ্ৰেণীৰ লোকক এক হিচাপে গণ্য কৰা অনুচিত। 'Likes should be treated alike' বুলি উচ্চতম ন্যায়ালয়ে বহু ৰায়ত মত পোষণ কৰি থৈ গৈছে। ১৯৫২ চনতেই উচ্চতম ন্যায়ালয়ৰ অনোৱাৰ আলি চৰকাৰ বনাম পশ্চিম বংগ ৰায়ত ন্যায়ালয়ে কৈ গৈছে যে একেধৰণৰ অৱস্থাত থকা লোকক একেধৰনে চোৱা হে অনুচ্ছেদ ১৪ অনুসৰি সমতাৰ আওঁতাত পৰে। দুটা ভিন্ন শ্ৰেণীক একলগ কৰি এখন আইনৰ মাজেৰে চোৱা অনুচ্ছেদ ১৪ বিৰুদ্ধ। এই খচৰাত পিএইচ. ডি বা এম ফিল বা দুয়োটা ডিগ্ৰী থকা লোকক আৰু কেৱল স্নাতকোত্তৰ অৰ্হতা থকা লোকক একে শাৰীত আনি থিয় কৰাই দিছে, সেয়ে এই আইন আমাৰ মতত অযুক্তিকৰৰ লগতে অসাংবিধনিকো কিয়নো দুই বেলেগ শ্ৰেণীৰ লোকক ই সম মাপকাঠিৰে চাইছে।
'কোচিং ৰাজ' ত হাত উজান
ইয়াৰ উপৰিও আমি ভাৱো প্ৰস্তাৱিত পৰীক্ষাৰ দ্বাৰা অসমত আন এটা নিযুক্তিৰ ক্ষেত্ৰত 'কোচিংৰাজ' সৃষ্টি হ'ব। কাঠফুলাৰ দৰে সমগ্ৰ দেশত বাঢ়ি অহা কোচিং চেন্টাৰসমূহৰ কথা সকলোৱে জানে। ইঞ্জনিয়াৰিং , মেডিকেল, আইন, চি এ, মেনেজমেন্ট আদি প্ৰায় সকলো বিষয়ত পঢ়িবলৈ বা চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে এগৰাকী ছাত্ৰক তৈয়াৰ কৰাৰ নামত কোচিং চেন্টাৰসমূহে বহু হাজাৰৰ পৰা লাখ টকা উপাৰ্জন কৰি আছে। কোচিং এতিয়া ভাৰতবৰ্ষত ৫৮,০০০ কোটি টকীয়া বেপাৰ। আমাৰ মতত নতুন খচৰা ভিত্তিত কলেজ শিক্ষক নিযুক্তি আৰম্ভ হলে এই বেপাৰত অসম চৰকাৰে পৰোক্ষ ভাবে হলেও সহায় কৰাহে হব। আজিৰ তাৰিখত নিজৰ মেধাৰ ভিত্তিৰ লাভ কৰা নম্বৰ, শিক্ষকতাৰ অভিজ্ঞতা, গৱেষণা পত্ৰত লিখা আদিৰ উপৰত ভিত্তি কৰি যি নিযুক্তি দি থকা হৈছে,সেয়া সকলো অমূলক হৈ 'কোচিং কৰক আৰু চাকৰি পাওক' ব্যৱস্থালৈ ৰূপান্তৰ হোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে। যি পাঠ্যক্ৰমৰ ভিত্তিত এই চাকৰি অনুষ্ঠিত কৰিব বিচাৰিছে, সেই পাঠ্যক্ৰমৰ study material ইতিমধ্যে কোচিং চেন্টাৰ সমূহৰ হাতত মজুত। সেইবাবেই যিয়ে এক কোচিং চেন্টাৰ নামভৰ্তি কৰিবলৈ আৰ্থিকভাৱে সামৰ্থ, তেওঁলোকৰ বাবে মহাবিদ্যালয়ত শিক্ষাদান কৰাৰ বাত উজু হৈ পৰাটো খাটাং। যিসকলে এনে চেন্টাৰত নামভৰ্তি কৰিব নোৱাৰে, তেওঁলোকৰ যিমানেই নিজৰ বিষয়ৰ ওপৰত জ্ঞান নাথাকক কিয়, তেওঁ নিজা কষ্টেৰে কোচিং চেন্টাৰৰ ৰেডিমেড 'study material' ক ফেৰ মাৰিব পাৰিবনে নাই সেয়া চিন্তনীয়। ইতিমধ্যে পণ্যলৈ ৰূপান্তৰ হোৱা শিক্ষা ব্যৱস্থাr পিচত, এই খচৰাই এইবাৰ শিক্ষক নিযুক্তিকো পণ্যলৈ ৰূপান্তৰিত কৰিব।
কাৰিকৰী আঁসোৱাহসমূহ
এই সকলোবোৰ বিষয়ৰ লগতে খচৰাখনৰ আন কিছু কাৰিকৰী আঁসোৱাহ আমাৰ চকুত পৰিছে। যেনে ধৰক লিখিত পৰীক্ষাৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ বাবে 'screening test (Equalizer exam)' শব্দ ব্যৱহাৰ কৰিছে পিছে তৃতীয় আৰু চতুৰ্থ গ্ৰেডৰ চাকৰিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে 'written examination'। আকৌ খচৰাৰ ৯ নং দফা- য'ত সকলো প্ৰত্যক্ষ নিযুক্তি দ্বিতীয় অনুসূচীত দিয়া পাঠ্যক্ৰমৰ ভিত্তিত পৰীক্ষা হোৱাৰ কথা কৈছে, তাত ব্যবহাৰ কৰা শব্দ যুগল হৈছে 'written test' । প্ৰশ্ন হয় এই তিনিটাৰে অৰ্থ একেইনে? সাধাৰণতে আইনত বিভ্ৰান্তি সৃষ্টি নহবৰ বাবে গুৰুত্বপূৰ্ণ শব্দ সমূহ আৰম্ভণিতে সংজ্ঞাকৃত কৰা থাকে, পিছে ইয়াৰ যিহেতু কোনো সংজ্ঞা খচৰাত দিয়া হোৱা নাই , এই তিনিটাৰে অৰ্থ একেই বুলি ধৰি ল'ব লাগিব।
দ্বিতীয়তে, দ্বিতীয় অনুসূচীৰ চতুৰ্থ দফাত "পৰীক্ষাৰ্থীৰ চূড়ান্ত মূল্যায়ন তলত বিতংভাৱে উল্লেখ কৰা ধৰণে ৯০:১০ অনুপাতত স্ক্ৰীনিং টেষ্ট আৰু সাক্ষাৎকাৰৰ প্ৰদৰ্শনত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি হ’ব" বুলি লিখা আছে যদিও তাৰে তলত একো লিখা নাই। ই এক গুৰুত্বপূৰ্ণ বিসংগতি।
তৃতীয়তে, দ্বিতীয় অনুসূচীৰ ৫ নং দফাত কৈছে যে অধ্যক্ষ, সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক আদি পদৰ বাবে নিযুক্তিৰ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ নীতি অনুসৰি হব বুলি লিখা আছে। পিছে নেট/শ্লেট নথকা পিএইচ. ডি ডিগ্ৰীধাৰীক নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা দেখ দেখ এই নীতিৰ পৰিপন্থী। তেন্তে শুদ্ধ কোনটো?
আমি যদি ধৰি লওঁ খচৰাখনৰ লক্ষ্য মেধা সম্পন্ন শিক্ষক মহাবিদ্যালয়সমূহত নিযুক্তি দিয়া, তেন্তে এই কথাটো একমত হব লাগিব যে নিজ বিষয়ক উপেক্ষা কৰি সাধাৰণীকৃত পৰীক্ষাৰে বিষয় বিশেষজ্ঞ বাচি উলিওৱা অমূলক। যিহেতু এই খচৰাৰ মূল লক্ষ্য শিক্ষক নিযুক্তি আৰু খচৰাত দিয়া মাপকাঠিৰে আন পদৰ বাবে পাৰিলেও, অন্তত অধ্যাপকৰ পদৰ বাবে শিক্ষক বাচি উলিওৱা যুক্তিসংগত নহয়, সেয়ে এই খচৰাৰ সংশোধনীৰ কোনো যুক্তি নাই। ইয়াক বাতিল কৰি চলিত ব্যৱস্থাৰ আঁসোৱাহ সমূহ দূৰ কৰাৰ পৰিকল্পনা শিক্ষা বিভাগে লওক। ইয়াৰ বাবে শিক্ষাবিদ, শিক্ষক সংস্থাৰ পৰামৰ্শ লওক। আমাৰ আহ্বান : অসমৰ শিক্ষা ব্যৱস্থা ৰসাতলে নিয়া খচৰা জেদত বাহাল নাৰাখিব, ই অগণতান্ত্ৰিক তথা ৰাজ্যৰ উচ্চ শিক্ষাৰ ভৱিষ্যতৰ পৰিপন্থী।
-সুস্মিত
( ৩/১২/২৪ তাৰিখৰ অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত)



Comments
Post a Comment