সপোন চহৰ 'শ্বিলং' আৰু ভূপেনদা

 এক অনুষ্ঠানত স্বাধীনোত্তৰ অসমৰ প্ৰথম ৰাজ্যপাল ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰীয়ে (যাৰ পত্নীৰ নামত আছে বিখ্যাত লেডী হাইদৰী পাৰ্ক) ভূপেনদাৰ গীতত মুগ্ধ হৈ 'কি লাগিব?' বুলি সোধাত ভূপেন হাজৰিকাৰ উত্তৰ আছিল, 'ৰেডিঅ' চেণ্টাৰ।' ভূপেনদাৰ সেই অনুৰোধ মৰ্মেই উত্তৰ পূৰ্বাঞ্চলে ১৯৪৮ চনতে পাইছিল এটা নহয়, দুটাকৈ ৰেডিঅ' চেণ্টাৰ; এটা গুৱাহাটীত আৰু আনটো শ্বিলঙত। ভূপেন হাজৰিকা "দ্য ভূপেন হাজৰিকা" হোৱাত ৰেডিঅ'ৰ আছিল অনবদ্য অৱদান। গুৱাহাটীত কমিছনাৰৰ পুৰণি বঙলা ভাঙি খৰ খেদাকৈ নিৰ্মাণ কৰা অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰেম এচিষ্টেণ্ট ৰূপে কৰ্মজীৱন আৰম্ভ কৰা ভূপেন হাজৰিকা আৰু তেওঁৰ অনাতাঁৰ কেন্দ্ৰৰ লগৰী চৈয়দ আব্দুল মালিক, পদ্ম বৰকটকী, বীৰেন ফুকন প্ৰমুখ্যে কেইজনমান ব্যক্তিয়ে প্ৰথমাৱস্থাত ৰেডিঅ' অনুষ্ঠান কৰাবলৈ শিল্পী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল। ৰেডিঅ'ত পৰিৱেশন কৰিবলৈ শিল্পীৰ সন্ধানত তেওঁলোকে উত্তৰ পূবৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা গায়কৰ অভাৱ হ'লে বাধ্য কৰোৱা হৈছিল ভূপেনদাক গীত পৰিৱেশন কৰিবলৈ। 

সেইসময়ৰ অনাতাঁৰ কেন্দ্ৰৰ এটা গীতৰ শিতান আছিল য'ত ঠিক পুৱা ৮.০০-৮.১৫লৈ শ্বিলং কেন্দ্ৰৰ পৰা গীত গাইছিল আৰু ৮.১৫-৮.৩০লৈ গীত গোৱা হৈছিল গুৱাহাটী কেন্দ্ৰত। মুঠতে আধা ঘণ্টাৰ এক সংগীতানুষ্ঠান। সেই শ্বিলং কেন্দ্ৰৰ পৰা প্ৰায়ে এগৰাকী গায়িকাৰ সুমধুৰ কণ্ঠত ভাঁহি আহিছিল কিছু প্ৰেমৰ গীত। সেই মাত ইমানেই মধুৰ আছিল যে ভিন্ন জনে তেওঁৰ গীত শেষ হোৱাৰ লগে লগে শ্বিলং কেন্দ্ৰলৈ ফোন কৰি অভিবাদন দিছিল। তাৰ ঠিক পিছতেই আৰম্ভ হৈছিল গুৱাহাটী কেন্দ্ৰত গীত। কণ্ঠ প্ৰায়েই ভূপেনদাৰ। সাধাৰণ শ্ৰোতাৰ বাবে যদিও সেয়া এক গীতৰ অনুষ্ঠান আছিল পিছে যিসকলে ভালকৈ মন দিছিল তেওঁলোকে শুনিছিল গীতৰ মাজেৰে প্ৰেমালাপ। নেপথ্যত আছিল গীতিকাৰ পদ্ম বৰকটকী, আব্দুল মালিক আদি। তেওঁলোকে লিখিছিল, কুকিলকণ্ঠী গায়িকাই শ্বিলঙত আৰু

আৰু ভূপেন হাজৰিকাই গুৱাহাটীৰ চেন্টাৰৰ পৰা গাইছিল। সেই গীতৰ মাজেৰেই হোৱা ধেমালি গৈ কেতিয়া ভূপেনদাৰ হৃদয়ত প্ৰেমৰ গজালি মেলিলে, হয়তো তেওঁ নিজেই তলকিব নোৱাৰিলে। প্ৰেমৰ ক্ষেত্ৰত সেয়াই হয়তো স্বাভাৱিক। সি যি কি নহওঁক, শ্বিলং চেণ্টাৰৰ সেই মাতৰ গৰাকীৰ দুৰ্দান্ত প্ৰেমিক হৈ উঠিল ভূপেন হাজৰিকা। সময় বাগৰিল। এদিন কোনো এটা অনুষ্ঠানত গীত পৰিৱেশনৰ উদ্দেশ্যে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰত উপস্থিত হল শ্বিলঙৰ সেই বিশেষ গায়িকাগৰাকী। ক্ষন্তেকৰ বাবে হলেও প্ৰথমবাৰৰ বাবে দেখা দেখি হ'ল দুই প্ৰেমিকৰ। তাৰ পিছত আৰম্ভ হল দুয়োৰে মাজত chatting। WhatsApp, Short Message Service নথকা সেই সময়ত ভাৱৰ আদান প্ৰদানৰ মূল মাধ্যম আছিল চিঠি। নীলাখামত ভৰাই "প্ৰতি ভূপেন হাজৰিকা, নিজৰাপাৰ, গুৱাহাটী" ঠিকনালৈ প্ৰায়েই অহা হ'ল চিঠি। ভূপেনদাৰ ব্যস্ততাৰ বাবে প্ৰায়েই সময় নাপাই সেই চিঠিৰ উত্তৰ দিয়াৰ। কিন্তু তাৰেই মাজতে কিন্তু ৰচি গল বহু যুগমীয়া প্ৰেমৰ গীত।

মাজত বহু ঋতু পাৰ হল । সকলো আৰম্ভণিৰ শেষ থকা নিচিনাকৈ পিছে এদিন সেই চিঠি অহা হঠাৎ বন্ধ হৈ থাকিল। ভূপেনদাই খেল্‌না হেৰাই যোৱাৰ পিছত মূল্য অনুধাৱন কৰা শিশুৰ দৰে উচপিচাই থাকিল চিঠিৰ অপেক্ষাত। লিখিলে তেওঁৰ চিৰযুগমীয়া গীত-

"তোমাৰ দেখোঁ নাম পত্ৰলেখা

পত্ৰ তুমি নিলিখা হ'লাঁ..."

বহুদিন প্ৰেমাভিমান বুলি ভাবি থকা ভূপেনদাই এদিন 

খবৰ পালে সেই গায়িকাৰ কোনো ধনী ব্যক্তিৰ সৈতে হ'বলগীয়া বিয়াৰ যো-জাৰ কথা। হঠাৎ কোনোৱে শূন্যৰ পৰা গুলী কৰাৰ নিচিনা এক ভাবে বুকুত হেঁচা মাৰি ধৰিলে তেওঁৰ। খবৰ কৰি গম পালে গায়িকাৰো ভূপেনদাৰ প্ৰতি থকা প্ৰেমৰ টান। তেওঁ একো অনুষ্ঠানিকতা নোহোৱাকৈয়েই ভূপেনদাৰ জীৱন সাৰথি হোৱাকৈ গুচি আহিবলৈ প্ৰস্তুত। পিছে ভূপেনদাই তেনে কাৰ্যক সমৰ্থন নকৰিলে। পৰিয়ালৰ অসন্মতিত কোনো আনুষ্ঠানিকতা নোহোৱাকৈ বিয়া পতাৰ কথাত তেওঁ নিজকে বুজাব নোৱাৰিলে। হৃদয়ত পাথৰ ৰাখি

গায়িকা বিয়া হৈ গল আন কাৰোবলৈ, ভূপেন দাই বুকুত আজীৱন কঢ়িয়াই ফুৰিল সেই বিৰহ বেদনা... বহু বছৰৰ পিছত শ্বিলঙৰ সেই মাতে সশৰীৰে যেতিয়া কলিকতাত অনাকাংক্ষিতভাবে পুনৰ বাৰ ভূপেনদাৰ সমূখত থিয় হৈছিল, ভূপেন দাৰ উভতি আহিছিল সেই পুৰণি স্মৃতি... শৈশৱৰ ধেমালি...তেওঁ লিখিছিল- 

"...বহুদিন গ’ল হঠাতে সিদিনা

তোমাক দেখা মনত আছে

আঁতৰৰ পৰা দেখিলোঁ

তোমাৰ স্বর্ণ গহনা জিলিকিছে..."

এই খন্তেকীয়া দৰ্শনে যদিও ভূপেনদাক আলোড়িত কৰিছিল, পিছে সেই বিষাদক হাঁহিমুখে পাহৰাই তেওঁ পুনৰ শ্ৰোতাক মনত পেলাই দিছিল জীয়াই থাকি সোণতকৈও মানুহৰ দাম অলপ বেছি থকা এখন সমাজ গঢ়াৰ তেওঁৰ পণ। 

শ্বিলঙৰ প্ৰতি থকা ভূপেনদাৰ মোহ কেৱল কৈশোৰ কালৰ এই প্ৰেমতেই সীমাবদ্ধ নাছিল। ' মাণিক ৰাইটং' নামৰ এটি খাচী লোক গাথাৰ আধাৰত এখন বোলছবি নিৰ্মাণ কৰাৰ হেঁপাহেৰে ১৯৬২ চনত বহুদিন ধৰি ভূপেনদা শ্বিলঙত বাস কৰিছিল। উদ্দেশ্য আছিল খাচী সাজ-পাৰ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিৰ ওপৰত গৱেষণা কৰি চিনেমা খন বনোৱাৰ। ' মাণিক ৰাইটং' নামৰ লোক গাথাটি আছিল পাহাৰ আৰু ভৈয়াম, খাচী আৰু অসমীয়াৰ মাজত থকা মিলাপ্ৰীতি আৰু সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন। পাহাৰ আৰু ভৈয়ামত বাস কৰা এই লোক খিনিৰ মাজৰ সমন্বয়ৰ সাঁকো দীৰ্ঘস্থায়ী কৰাৰ মানসেৰে ভূপেন হাজৰিকাই ১৯৬৪ চনত নিৰ্মাণ কৰিছিল 'প্ৰতিধ্বনি' নামৰ বোলছবিখন। মুখ্য চৰিত্ৰত আছিল ইভা আছাও। খাচী চিয়েমৰ ভাও দিবলৈ দ্বায়িত্ব দিছিল ভূপেনদাক সৰুৰে পৰা অনুপ্ৰাণিত কৰি অহা বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা; ভূপেনদাৰ মৰমৰ 'বিষ্টুদা'ক। খাচী-অসমীয়াৰ মৰমৰ বান্ধোন টানকৈ বন্ধাৰ উদ্দেশ্যেৰে ভূপেন হাজৰিকাই প্ৰতিধ্বনিৰ বাবে লিখিছিল 'ঢোলে ডগৰে' নামৰ গীতটি। 

"...কৃষ্ণ গৰখীয়াই বায় বাঁহী

খাচী গৰখীয়াই বায় শ্বৰাতি

দুয়োটি বাঁহী বাঁহৰে বাঁহী

দুয়ো প্ৰকাশে একেটি সুৰক"

খুব কম শব্দ খৰচ কৰি আভাস দিছিল একতাৰ। পিছলৈ 'কা শ্বৰাতি' নাম দি খাচী ভাষালৈ ৰূপান্তৰ কৰিছিল প্ৰতিধ্বনিক। সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙ তথা পাহাৰত বাস কৰা মানুহখিনিৰ প্ৰতি থকা ভূপেনদাৰ ভালপোৱা প্ৰকাশ পাইছিল এনেবোৰ কাৰ্যৰ মাজেৰেই।

 ইয়াৰে পিছত ১৯৬৭ চনৰ নিৰ্বাচনত লক্ষীমপুৰৰ নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে জয়ী হৈ ভূপেন হাজৰিকা যেতিয়া অসম বিধান সভালৈ আহিছিল, সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱে থাকিবৰ বাবে ৱাৰ্ডছ লেকৰ সমীপৰ পাইনউড্‌ হোটেলৰ ওচৰা ওচৰিকৈ থকা দুটা বিশেষ কোঠা ঠিক কৰি দিছিল দুজন বিশিষ্ট লোকক; এজন ভূপেন হাজৰিকা আৰু আনজন তেজপুৰ বিধানসভাৰ পৰা নিৰ্বাচিত হৈ অহা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক। তেওঁৰ লক্ষ্য আছিল ক্ৰিয়েটিভ মানুহ দুজনক একেই ঠাইত ৰখাৰ যাতে আৰু নতুন নতুন সৃষ্টি হৈ থাকে। সেই পাইনউড্‌ হোটেলৰেই ৩৩ নং কোঠা প্ৰিয় হৈ পৰিছিল ভূপেনদাৰ। সৰল গছসমূহত ঠেকা লাগি ৩৩ নং কোঠাৰ খিৰিকীৰে সুমুৱা বতাহজাকে অনুপ্ৰাণিত কৰিছিল নতুন সৃষ্টি কৰাত। পাইনউড্‌ৰ ৩৩ নং কোঠা একপ্ৰকাৰ ভূপেনদাৰ কাৰণেই বুক্‌ড থাকিছিল। 

১৯৭০ চনৰ মাৰ্চ মাহ। ভূপেনদা পাইনউড্‌ আহিয়েই অভ্যাসগত ভাৱে আহি হোটেলৰ অভ্যৰ্থকক ৩৩ নং কোঠাৰ চাবি বিচাৰিলে। পিছে, ভূপেনদাক আচৰিত কৰি তেওঁ উত্তৰ দিলে, "দাদা, আপোনাৰ ৰুম বৰ্তমান অকুপাইড"। বৰ বিৰক্তিৰে ৰুমত কোন আছে বুলি সোধাত অভ্যৰ্থক গৰাকীয়ে নম্ৰ ভাবে উত্তৰ দিছিল, "শচীন কৰ্তা", অৰ্থাৎ বিখ্যাত শচীন দেৱ বৰ্ম্মন। সুৰৰ যাদুকৰ গৰাকীৰ নাম সুনিয়েই ভূপেনদা অভিভূত হৈ পৰিছিল। সৰুৰে পৰা একলব্যৰ দৰে জ্ঞান কৰা শচীন দেৱ বৰ্ম্মনৰ সৈতে যদিও ভূপেনদাই বহুবাৰ লগ পাইছিল, কিন্তু সেই চিনাকি পাইনউড্‌ত ইমান ওচৰৰ লগ পাব বুলি কেতিয়াও ভবা নাছিল। পিছদিনা শচীন কৰ্তাৰ অনুৰোধত সৰু মটৰ গাড়ী এখনত শচীন দেৱ বৰ্ম্মন আৰু তেখেতৰ গীতিকাৰ পত্নী মীৰা দেৱ বৰ্ম্মনক লগত লৈ শ্বিলঙৰ কাষৰীয়া খাচী গাওঁত বাস কৰা সাধাৰণ ৰাইজৰ দৈনিক জীৱন যাপন চোৱাৰ উদ্দেশ্যে ফুৰিবলৈ গৈছিল। শ্বিলঙৰ কাষৰীয়া খাচী গাঁও বিচাৰি চহ্‌ৰা ৰ ৰাস্তাটোৰে যাওঁতে পোৱা 'মিল্লিয়েম' গাওঁত সোমাই, কোৱাইৰ সোৱাদলৈ সাধাৰণ খাচী পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ কথা আৰু সেই যাত্ৰাৰ বিষয়ে বিশদ বৰ্ণনা কৰিছে ভূপেন দাৰ আত্মজীৱীমূলক গ্ৰন্থ 'মই এটি যাযাবৰ'ত। মুঠতে ভূপেনদাৰ অন্যতম প্ৰিয় ব্যক্তিজনৰ সৈতে একেবাৰে ওচৰৰে পৰা সময় কটাব পাইছিল এই শ্বিলঙতেই। 

১৯৭২ চনত পাইনউড্‌ হোটেলতেই এবাৰ বিখ্যাত বোলছবি পৰিচালক,অভিনেতা গুৰু দত্তৰ ভাতৃ আত্মা ৰামে ভূপেন দাক লগ কৰিবলৈ আহিল। তেতিয়া ভূপেনদা আত্মা ৰামৰ বোলছবি "আৰোপ"ত সংগীত পৰিচালনা কৰাত ব্যস্ত। হঠাৎ শ্বিলং পিক ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিলে আত্মা ৰামে। শ্বিলঙ পিকত দুয়ো বহি মনোমোহা শ্বিলঙক চাই থাকোতেই ভূপেন দাই দেখিছিল ফটা হাফপেণ্ট পিন্ধি গৰু চৰাই থকা এজন খাচী গৰখীয়াক। ল'ৰাজনে গৰু চৰাই চৰাই এটি সুৰ আওৰাই আছে, খুব সম্ভৱত বাঁহীত। সুৰটি ভূপেনদাৰ বৰ ভাল লাগিল। বুকুত বান্ধি লৈ অহা সেই সুৰেৰে ৰাতি পাইনউড্‌ ত বহি ৰচিলে, 

"তোমাৰ উশাহ কঁহুৱা-কোমল

শেৱালি-কোমল হাঁহি

হাঁহিয়ে হৃদয় হৰিলে শুনাই

এটি কিবা মিঠা বাঁহী..."

এই গানটিৰ আলমত পিছত আৰোপ বোলছবিত সন্নিবিষ্ট হ'ল কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত চিৰযুগমীয়া, ' নেইনো মে দৰ্পণ হ্যায়, দৰ্পণ মে কোই..."

শ্বিলঙে ভূপেন হাজৰিকাক যিমান দিছে, তাৰে কিছু হলেও ঘূৰাই দিবলৈ চেষ্টা কৰিছে ভূপেন দাই, তেওঁৰ সৃষ্টিৰ মাজেৰে। ২০০০ চন মানত বিখ্যাত চিত্ৰশিল্পী মকবুল ফিদা হুছেইনে তেওঁৰ বোলছবি 'গজ গামিনী' ত সংগীত পৰিচালনা কৰাৰ বাবে ভূপেনদাক বিচাৰি বহু ঠাইত ফোন কৰি শেষত তেওঁ গম পালে ভূপেনদা কিবা কামত ব্যস্ত আছে শ্বিলঙত। তেওঁ ফোনত ভূপেন দাক পায়েই ৰগৰ কৰি কৈছিল, "ভূপেন জী! আপকো আছমান ম্যে ধুন্দা, জমীন ম্যে ধুন্দা, লেকিন মিলা আখিৰ মেঘ - আলয় ম্যে!" প্ৰায় সকলোৱেই জানিছিল, ভূপেন হাজৰিকা মানুহটোক কটো বিচাৰি নাপালে বিচাৰিব লাগে শ্বিলঙত, বিচাৰিব লাগে পাইনউড্‌ হোটেলৰ ৩৩ নং কোঠাত... ।


সমগ্ৰ পৃথিৱী ঘূৰি ফুৰা ভূপেন হাজৰিকাৰ নিজৰাপাৰ,তেজপুৰ আৰু শ্বিলঙৰ বাবে যে এক সুকীয়া স্থান আছিল সেয়া তেওঁৰ লেখনিৰ মাজেৰে বুজিব পাৰি। কোৱা হয় "Immortalizing the beloved is supposed to be one of the poet’s supreme powers". এগৰাকী কবিয়ে কবিতাৰে বা গীতিকাৰে গীতৰ মাজেৰে নিজৰ প্ৰিয়জনক অমৰ কৰি তুলিব পাৰে। সেই অমৰত্ব শ্বিলঙক ভূপেনদাই প্ৰদান কৰিছিল "শ্বিলঙৰে গধূলি" আৰু "শ্বিলঙৰে মনালিছা লিংডো" ৰ মাজেৰে। "শ্বিলঙৰে গধূলি"ত প্ৰেমিকাৰ সৈতে কটোৱা সময়ৰ কথা সুঁৱৰাৰ চলেৰে তেওঁৰ 'সপোন চহৰ' শ্বিলঙক হে যে সুঁৱৰিছে সেই কথা গানটি শুনিলেই ধৰিব পাৰি। আনহাতে, ৰাজধানী দিশপুৰলৈ সলনি হোৱাৰ প্ৰেক্ষাপতত লিখা "শ্বিলঙৰে মনালিছা লিংডো" ৰ মাজেৰেও ভূপেনদাই সেই একেইটা কামেই কৰা যেন অনুভৱ হয়। শ্বিলঙক লৈ অসমৰ বহুতে গান লিখিছে সঁচা। কোনোবাই 'টেক্সী গাড়ীত' শ্বিলঙলৈ অহাৰ কথা কৈছে, কোনোবাই 'ৱাতাৰফল' চোৱাৰ কথা লিখিছে, কিন্তু ভূপেনদাই শ্বিলঙৰ নাম লৈ লিখা সেই দুটি গানত যিদৰে শ্বিলঙক প্ৰাণৱন্ত কৰি ৰাখিছে, সেই কাম আন কোনোবাই যে এতিয়ালৈ কৰিব পাৰিছে বা সুদূৰ ভৱিষ্যতত পাৰিব, তাক লৈ সন্দেহ আছে। 

ভূপেনদাই আশা কৰাৰ দৰে সপোন চহৰ শ্বিলং ৰঙা ক্ৰিচেন্‌থিমাম ফুলৰ দৰে উজ্বলি থাকক, মৰমৰ এনাজৰীৰে অসম আৰু মেঘালয়বাসী সদায় এক হৈ থাকক তাৰেই কামনাৰে...

খুব্লেই শ্বিলং! 


- সুস্মিত ইচ্‌ফাক

Comments

  1. ভাল লাগিল পঢ়ি।বহু নতুন কথা জানিলোঁ।

    ReplyDelete

Post a Comment