প্ৰসংগ : 'বণ্ড চাইন'- গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰাৰ নতুন কৌশল?
যোৱা কেইমাহমানৰ ভিতৰত প্ৰকাশিত বাতৰি অনুসৰি চৰকাৰ বিৰোধী প্ৰতিবাদ বন্ধ কৰিবলৈ প্ৰশাসনে বহু জিলাত প্ৰতিবাদকাৰীক 'বণ্ড চাইন' কৰিবলৈ হেঁচা দিছে । বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনে বীৰ লাচিত সেনা, ৰাইজৰ দল আদি সংগঠনৰ নেতাক আন্দোলন নকৰিবলৈ বণ্ড চাইন কৰোৱাৰ খবৰ কাকতসমূহত প্ৰকাশ পাইছে। যোৱা ২৭ জুন, ২০২৩ তাৰিখে কংগ্ৰেছ-বাওঁপন্থী দলসমূহে সমষ্টি পুনৰনিৰ্ধাৰণৰ বিৰোধিতা কৰি বৰাকত আহ্বান দিয়া সৰ্বাত্মক হৰতালৰ সময়ত বন্দী কৰা আন্দোলনকাৰীকো ফৌজদাৰী কাৰ্যবিধি আইনৰ ধাৰা ১০৭ৰ অধীনত বণ্ড চাইন কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা হেঁচা দিয়াৰ খবৰ সামাজিক মাধ্যমত দেখা যায়। আনকি ২৭ জুনতেই শিৱসাগৰ জিলা প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়াৰ বাবে ৰাইজৰ দলৰ এগৰাকী নেতাক হালোৱাটিং থানাৰ আৰক্ষীয়ে ৰাতি ঘৰলৈ গৈ আটক কৰি ৰাতি ১১ বজাত জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এবছলৈ আন্দোলন প্ৰতিবাদ নকৰোঁ বুলি বণ্ড চাইন কৰোৱাৰ বাতৰিও প্ৰকাশ পাইছে।

এতিয়া প্ৰশ্ন হয়, অসমৰ প্ৰশাসনে আইনৰ ভয় দেখুৱাই খৰ্ব কৰিব বিচাৰিছে নেকি অসমৰ ৰাইজৰ প্ৰতিবাদ- আন্দোলন কৰাৰ গণতান্ত্ৰিক অধিকাৰ?
এই বিষয়ে নিশ্চয় এক গঠনমূলক আলোচনাৰ প্ৰয়োজন কিয়নো বাক তথা ব্যক্তি স্বাধীনতা হৈছে ভাৰতীয় নাগৰিকৰ এক অতি গুৰুত্বপূৰ্ণ মৌলিক অধিকাৰ যি কেৱল ন্যায্য তথা যুক্তিসংগত আইনৰ ব্যৱহাৰ কৰিহে খৰ্ব কৰিব পৰা যায়। এইবিষয়ত বিশদ আলোচনা কৰাৰ আগতে এই বিষয়ৰ সৈতে জড়িত আইনী ধাৰাসমূহৰ প্ৰাথমিক আভাস দিয়াটো প্ৰয়োজনীয়। ফৌজদাৰী কাৰ্যবিধি আইন, ১৯৭৩ৰ অষ্টম খণ্ডত (১০৬ৰ পৰা ১২৪লৈ) ভাল ব্যৱহাৰ তথা শান্তি বৰ্তাই ৰখাৰ বাবে লোৱা প্ৰতিভূতি সম্পৰ্কীয় আইনী প্ৰক্ৰিয়া দিয়া হৈছে। ইয়াৰে ১০৭(১) ধাৰা অনুসৰি যেতিয়া কোনো কাৰ্য্যবাহী দণ্ডাধীশে (Executive Magistrate) খবৰ লাভ কৰে যে কোনো ব্যক্তিয়ে তেওঁৰ কার্যৰে শান্তি ব্যাহত বা ৰাজহুৱা শান্তি ভংগ কৰিব পাৰে আৰু তেওঁ ভাবে যে তেওঁৰ হাতত ব্যক্তিজনৰ বিৰুদ্ধে বিচাৰ কৰিব পৰাকৈ পৰ্যাপ্ত তথ্য আছে তেন্তে তেওঁ এই ধাৰাৰ অধীনত ব্যক্তিজনক বণ্ড চহী কৰোৱাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিব পাৰে।
উল্লেখ্য যে এই ধাৰাত দিয়া মৰ্মে এই বণ্ডৰ সময় সীমা এক বছৰ পৰ্যন্ত, অৰ্থাৎ কাৰ্য্যবাহী দণ্ডাধীশে এজন ব্যক্তি উচ্চতম এক বছৰলৈহে এই বণ্ডৰ আওঁতাত ৰাখিব পাৰে।
এইখিনি হৈছে এই ধাৰা সম্পৰ্কে আইনী কথা। কিন্তু ইয়াতকৈ ডাঙৰ প্ৰশ্নটি আহে যে কাৰ্য্যবাহী দণ্ডাধীশৰ এই ক্ষমতা তেওঁ নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে নে ইয়াৰ কোনো প্ৰক্ৰিয়াগত সুৰক্ষা (Procedural Safeguard) আছে? এই প্ৰশ্নৰ উত্তৰ তেনেই সহজ। আছে। ভাৰতীয় আইন ব্যৱস্থাত এনে বহু কম নিয়ম আছে যাৰ অধীনত এজন ব্যক্তিয়ে নিজ ইচ্ছাৰে কোনো সিদ্ধান্ত ল'ব পাৰে। আনকি ভাৰতৰ ৰাষ্ট্ৰপতিয়েও কোনো সিদ্ধান্ত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডল তথা প্ৰধান মন্ত্ৰীৰ উপদেশমৰ্মেহে ল'ব লাগিব (ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৭৪) তেনেস্থলত এজন কাৰ্য্যবাহী দণ্ডাধীশে কোনো কাৰণতেই নিজ ইচ্ছা অনুযায়ী ১০৭ ধাৰাৰ অধীনত বণ্ড চাইনৰ বাবে হেঁচা দিব নোৱাৰে। ফৌজদাৰী কাৰ্যবিধি আইনৰ ধাৰা ১১১-১১৮লৈ বণ্ড চাইনৰ সমগ্ৰ প্ৰক্ৰিয়া কেনে হ'ব তাৰ বিষয়ে উল্লেখ কৰিছে। ১১১ ধাৰা অনুসৰি ১০৭ ধাৰা অধীনত কোনো ব্যক্তিক কাৰণ দৰ্শোৱাৰ জাননী দিয়াটো যদি প্ৰয়োজনীয় বুলি ভাবে, তেন্তে কাৰ্য্যবাহী দণ্ডাধীশে লিখিতভাবে এখন অৰ্ডাৰ জাৰি কৰি তেওঁ লাভ কৰাৰ খবৰৰ ভিত্তি, কিমান টকাৰ বণ্ড, কিমান দিনৰ বাবে এই বণ্ড আদি কথা লিখিব লাগিব। ইয়াৰ পিছত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা ব্যক্তি গৰাকীক কোৰ্টত তেওঁৰ আগত তেওঁ বুজাকৈ সকলোখিনি কৈ ১১৬ ধাৰাৰ অধীনত ব্যক্তিজনে শান্তি ভংগ কৰিব পাৰে বুলি দণ্ডাধীশে লাভ কৰা খবৰ সত্যসত্যতা ৬ মাহৰ ভিতৰত অনুসন্ধান কৰিব লাগিব। ইয়াৰ পিছতহে যদি তেওঁৰ লাভ কৰা খবৰ সঁচা বুলি প্ৰমাণিত হয়, তেন্তে ১১৭ ধাৰাৰ অধীনত তেওঁ ব্যক্তিগৰাকীক বণ্ড চাইন কৰাব পাৰিব অথবা ১১৮ ধাৰাৰ অধীনত ব্যক্তিগৰাকীক দোষমুক্ত কৰিবলৈ তেওঁ বাধ্য।
এইখিনি হৈছে ফৌজদাৰী কাৰ্যবিধি আইনত দি থোৱা প্ৰক্ৰিয়াগত সুৰক্ষা যাতে এই শান্তি ভংগ আৰু তাৰ সৈতে জড়িত প্ৰতিভূতিৰ এই আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি । আচলতে বণ্ড চহী কৰোৱা সমগ্ৰ প্ৰক্ৰিয়াটি কোনো শাস্তি দিয়াৰ বাবে নহয়, ই প্রতিষেধমূলক হে।
২০২২ চনৰ উচ্চতম ন্যায়ালয়ৰ ইষ্টকাৰ বনাম উত্তৰ প্ৰদেশ ৰাজ্য (2022 SCC online SC 1801) শীৰ্ষক ৰায়ত ১১৭ ধাৰা অধীনত বণ্ড চহী কৰোৱাৰ আঁৰত থকা কাৰণ সম্পৰ্কে আলোচনা কৰি কয় যে ইয়াৰ মূল লক্ষ্য চৰকাৰৰ ৰাজকোষত টকা সঞ্চয় কৰা নহয় বৰঞ্চ শান্তি ভংগ যাতে নহয় সেয়া নিশ্চিত কৰাহে। ইয়াৰ পৰা বুজিব পাৰি যে ১০৭ ধাৰাৰ দোহাই দি প্ৰতিবাদ কৰিলেই শাস্তি দিয়াৰ যি ধমক , সি অমূলক। বণ্ড চহী কৰাৰ পিছত যদি কোনোৱে প্ৰতিভূতি টকা (Security money) দিয়াত ব্যৰ্থ হয়, বা বণ্ডৰ নিয়ম উলংঘা কৰে, তেনে স্থলত ১২২ ধাৰাৰ অধীনত দণ্ডাধীশে তেওঁক জেললৈ পঠাব পাৰে। ইয়াত এটা প্ৰশ্ন হয়, এই ক্ষমতা এজন কাৰ্য্যবাহী দণ্ডাধীশৰ হাতত আছেনে ন্যায়িক দণ্ডাধীশৰ হাতত আছে? এই কথা মনত ৰখা দৰকাৰ যে এগৰাকী কাৰ্য্যবাহী দণ্ডাধীশ চৰকাৰী বিষয়া আৰু চৰকাৰে তেওঁক কাৰ্য্যবাহী দণ্ডাধীশৰ দ্বায়িত্ব অৰ্পণ কৰে। আনহাতে ন্যায়িক দণ্ডাধীশ এগৰাকী হৈছে ন্যায়িক বিষয়া যি উচ্চ ন্যায়ালয়ৰ অধীনত কাম কৰে। কাৰ্য্যবাহী দণ্ডাধীশ এগৰাকীয়ে কাৰ্যপালিকাৰ হেতুকে তেওঁ কিছুমান প্ৰশাসনিক সিদ্ধান্ত ল'বলগীয়া হয়।
ফৌজদাৰী কাৰ্যবিধি আইন ভাৰতত প্ৰণয়ন হোৱাৰ সময়ত কাৰ্য্যবাহী আৰু ন্যায়িক দণ্ডাধীশৰ পৃথকীকৰণ ভাৰতীয় আইন ব্যৱস্থাত ভালকৈ নাছিল। পিছে ন্যায়িক দণ্ডাধীশৰ ওপৰত পৰা কামৰ হেঁচা তথা তাৰ বাবে হোৱা কিছু সিদ্ধান্ত লওঁতে হোৱা পলমৰ বাবে প্ৰশাসনিক কিছুমান সিদ্ধান্ত, শান্তি তথা ন্যায় শৃংখলা ৰক্ষা কৰাৰ কিছুমান সীমিত দ্বায়িত্ব ১৯৭৩ চনৰ ফৌজদাৰী কাৰ্যবিধি আইনে ৪১ সংখ্যক আইন কমিচনৰ উপদেশ মৰ্মে তেওঁলোকক প্ৰদান কৰিছে। ১৯৭৩ চনৰ এই আইনে ন্যায়পালিকা আৰু কাৰ্যপালিকাক পৃথক কৰাত এক গুৰু ভূমিকা পালন কৰিছে আৰু ন্যায়িক আৰু কাৰ্য্যবাহী দণ্ডাধীশ- দুই ধৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰাটোৱেই ইয়াৰ প্ৰমাণ। ভাৰতৰ সংবিধানৰ ৫০ নং অনুচ্ছেদটো এই কথা লিখা আছে যে ন্যায়পালিকা আৰু কাৰ্য্যপালিকা পৃথকে থকাটো কাম্য। এটা কথা উল্লেখ কৰা প্ৰয়োজনীয় যে কাৰ্য্যবাহী দণ্ডাধীশে শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা আইনত নাই। এই ক্ষমতা কেৱল ন্যায়িক দণ্ডাধীশৰ হাতত প্ৰদান কৰা আছে। ইয়াৰ কাৰণ সকলোৰে জ্ঞাত। আনকি ১৯৮২চনৰ গোলাম আব্বাছ বনাম উত্তৰ প্ৰদেশ ৰাজ্য গোচৰত উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্টকৈ কৈ থৈছে যে কাৰ্য্যবাহী দণ্ডাধীশৰ শাস্তি প্ৰদান কৰাৰ ক্ষমতা নাই। তেনেস্থলত ১২২ ধাৰাত ব্যৱহাৰ হোৱা 'দণ্ডাধীশ' শব্দটোৰে এটা কথা বুজিব পাৰি যে যদিও ১০৭ ৰ অধীনত বণ্ড চহীৰ আৰম্ভণিৰ পৰা ১১৭ বা ১১৮ ধাৰা অনুসন্ধানৰ প্ৰক্ৰিয়া শেষ কৰালে ক্ষমতা কাৰ্য্যবাহী দণ্ডাধীশক দিয়া হৈছে, কিন্তু ১২২ ধাৰাত শাস্তি প্ৰদান কেৱল ন্যায়িক দণ্ডাধীশেহে কৰিব পাৰিব। এই বিষয়ে বিশদ আলোচনা কৰা হৈছিল এই বছৰৰ মাৰ্চ মাহত দিয়া মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ সতিশ কুমাৰ বনাম প্ৰশাসনিক কাৰ্যবাহী ন্যায়াধীশ, চেন্নাই গোচৰত । সেই ৰায়টো মাদ্ৰাছ উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে শাস্তি প্ৰদান কেৱল ন্যায়িক দণ্ডাধীশেহে কৰিব পাৰিব।
সংবিধান প্ৰদত্ত ব্যক্তি স্বাধীনতা তথা বাক স্বাধীনতা এজন নাগৰিকৰ অমূল্য অধিকাৰ। গণতান্ত্ৰিক প্ৰতিবাদ কৰা, চৰকাৰৰ বিৰুদ্ধে শান্তিপূৰ্ণভাবে মাত মতা, নিজৰ কথা ৰাইজৰ ওচৰত ৰখা আদি মৌলিক অধিকাৰ সমূহৰেই অপৰিহাৰ্য অংগ। ই কোনো চৰকাৰে দয়া কৰি প্ৰদান কৰা অধিকাৰ নহয় যে হেঁচা প্ৰয়োগ কৰি এখন কাগজত চহী কৰাই এই অধিকাৰ কাঢ়ি লব পাৰিব।
১০৭ ধাৰাৰ অধীনত বণ্ড চহী কৰাবলৈ ইচ্ছা কৰিলেই কোনো কাৰ্য্যবাহী দণ্ডাধীশে কৰাব নোৱাৰে। এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে কাৰ্য্যবাহী দণ্ডাধীশে তেওঁৰ বিষয়ীগত সন্তুষ্টি ( subjective satisfaction) ৰ বাবে পোৱা খবৰৰ ভিত্তি, কাৰণ দৰ্শোৱাৰ জাননী, অনুসন্ধান আদি কৰাৰ পিছতহে এজন ব্যক্তিক বণ্ডত চহী কৰাব পাৰিব এক যুক্তিপূৰ্ণ প্ৰতিভূতি টকাৰ বিপৰীতে।
সেয়ে, এই ক্ষমতাৰ যাতে অপপ্ৰয়োগে নহয় সেই কথা
সকলোৱেই নিশ্চিত কৰিব লাগিব কিয়নো এই ধাৰাৰ অপপ্ৰয়োগে যে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব, সেয়া নিশ্চিত।
- সুস্মিত ইচ্ফাক


Comments
Post a Comment