সমলৈঙ্গিক বিবাহৰ বৈধতা
যোৱাকিছুদিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে সমলৈঙ্গিক বিবাহৰ বৈধতা সম্পৰ্কত শুনানি কৰি আছে। এই শুনানিৰ সময়ত দুয়োপক্ষৰ পৰাই সমলৈঙ্গিক বিবাহৰ বৈধতা আৰু অবৈধতাৰ ওপৰত সবল যুক্তি দি থকা হৈছে। এই আইনী যুজঁ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে এটা কথা বুজা উচিত যে সমাজ আৰু সেই সমাজৰ আইন ব্যৱস্থাৰ এক নিবিড় সম্পৰ্ক আছে। এখন সমাজৰ এসময়ৰ যি সামাজিক নৈতিকতা আছিল, সেইসমূহৰ ওপৰত ভিত্তি কৰিয়েই সেই নৈতিকতাসমূহৰ কিছুসংখ্যক নিয়মে 'আইন'ৰ মৰ্যাদা পাইছিল।
উদাহৰণস্বৰূপে, মাৰ্কিন যুক্তৰাষ্ট্ৰত দাসপ্ৰথা ১৮৬৫ চনৰ সংবিধানৰ ত্ৰয়োদশ সংশোধনী অহাৰ আগলৈ বৈধ আছিল। কৃষ্ণাংগ লোকক দাস হিচাপে ৰখা কাৰ্য সেই সময়ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সামাজিক নৈতিকতাৰ অংশৰ লগতে আইন সন্মতও আছিল। বিংশশতাব্দীৰ মাজভাগলৈ জিম ক্ৰ আইন প্ৰচলিত হৈ থকালৈ শ্বেতাঙ্গৰ সৈতে কৃষ্ণাংগ একেই স্কুলত একেলগে পঢ়িব নোৱাৰিছিল, ৰাজহুৱা স্থানত একেলগে থাকিব নোৱাৰিছিল আদি। সময়ৰ লগতেই যিমানই সমতা,ব্যক্তি স্বাধীনতা, সমধিকাৰ আদি উদাৰবাদী চিন্তাসমূহ সমাজলৈ আহিল, গণতান্ত্ৰিক দেশৰ সংবিধানসমূহে এই চিন্তা সমূহক মূলভেটি হিচাপে গ্ৰহণ কৰিলে। ইয়াৰ যোগেদিয়েই বৰ্ণবৈষম্য দৰে এসময়ৰ ঘৃণনীয় সামাজিক নৈতিকতাৰ বিৰুদ্ধে সামাজিক আন্দোলন আৰু ন্যায়িক যুক্তি সবল হ'ল আৰু ন্যায়ালয় সমূহেও বৈষম্যমূলক আইন সমূহক অসাংবিধানিক হিচাপে ঘোষণা কৰিবলৈ ধৰিলে। সমাজৰ নৈতিকতা সলনি কৰা যদিও ন্যায়ালয়ৰ কাম নহয়, পিছে সমাজৰ কোনো ৰেৱাজ যদি সাংবিধানিক দৃষ্টিকোণেৰে বৈষম্যমূলক হয়, তেন্তে তাক অসাংবিধানিক ঘোষণা কৰা ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য।
সমাজৰ নৈতিকতা আৰু ইয়াক সময়ে সময়ে সলনি কৰাত ন্যায়ালয় আৰু বিধানপালিকা দুয়োটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদাহৰণস্বৰূপে, সতী প্ৰথা, বাল্য বিবাহ, যৌতুক প্ৰথা বন্ধ কৰাৰ বাবে যেনেকৈ ভাৰতবৰ্ষত বিধানপালিকা আইন প্ৰণয়ণ কৰিছে, ঠিক তেনেদৰে সমকামিতা অপৰাধ নহয় বুলি কোৱা বা সম্পত্তিৰ ভাগ কৰাৰ সময়ত ছোৱালী আৰু ল'ৰাৰ অধিকাৰ সমান বুলি কোৱা আদি ক্ষেত্ৰত সমাজৰ চলিত নৈতিকতাক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ে ৰায়দান কৰিছে। এই সমূহ কথা এইকাৰণেই প্ৰয়োজনীয় কিয়নো সমলৈঙ্গিক বিবাহৰ ক্ষেত্ৰতো সমাজৰ চলিত নৈতিকতা আৰু ব্যক্তি অধিকাৰৰ দ্বন্দ্ব দেখিবলৈ পোৱা গৈছে।
এই বিষয়ে আলোচনা কৰাৰ আগতে 'বিবাহ' সম্পৰ্কত কেইটামান কথা উনুকিয়াই থোৱা প্ৰয়োজনীয়। বিবাহ সন্দৰ্ভত দুই ধৰণৰ কথা আহে- বিবাহ এক সামাজিক অনুষ্ঠান হিচাপে দুগৰাকী ব্যক্তি সহবাস কৰাৰ সামাজিক স্বীকৃতি যদিও ই কেৱল ইয়াতে সীমাবদ্ধ নহয়। ইয়াৰ লগত জড়িত আছে বিভিন্ন ধৰণৰ আইন । উদাহৰণস্বৰূপে, সম্পত্তিৰ উত্তৰাধিকাৰৰ, ল'ৰা বা ছোৱালী তুলি লোৱা, ঘৰুৱা হিংসাৰ আইন আদিৰ লাভ পাবলৈ দুজন ব্যক্তি এক আইনগত সম্পৰ্কত (যেনে পতি-পত্নী) থকাটো বাঞ্চনীয়। এই সমূহ সুবিধা কেৱল বিবাহিত বিপৰীতলিংগৰ লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য কিয়নো ভাৰতবৰ্ষৰ আইন ব্যৱস্থাত আজিৰ দিনত কোনো আইন নাই যিয়ে সমলৈঙ্গিক বিবাহক স্বিকৃতি প্ৰদান কৰে। পিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড,ব্ৰাজিল, আৰ্জেন্টিনাকে ধৰি পৃথিৱীৰ ৩২ খন দেশে ইতিমধ্যে সমলৈঙ্গিক বিবাহক বৈধতা প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ত সমলৈঙ্গিক বিবাহক বৈধতা দিয়াৰ বাবে ন্যায়ালয়ৰ ওচৰত প্ৰাৰ্থনা জনাই আবেদনকাৰীয়ে যুক্তি দৰ্শাইছে যে বিশেষ বিবাহ আইন, ১৯৫৪ যিহেতু এখন ধৰ্মনিৰপেক্ষ আইন আৰু ই দুজন 'ব্যক্তি' ৰ মাজত বিবাহৰ কথা কৈছে, সেয়ে সমলৈঙ্গিক বিবাহৰ ক্ষেত্ৰত ই কোনো বাধা আৰোপ নকৰে। পিছে এই আইনৰ অধীনত বিবাহ সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় দুটামান নিয়মত ( যেনে 'পুৰুষ' ৰ ২১ বছৰ বয়স, 'মহিলা'ৰ ১৮ বছৰ) দুই বিপৰীত লিংগৰ কথা উল্লেখ আছে যিয়ে দুই ব্যক্তিৰ মাজত হ'বলগীয়া বিবাহ মাত্ৰ বিপৰীতকামী লোকৰ মাজত সীমিত কৰি ৰাখিছে । আন বাকী নিয়মসমূহৰ সৈতে কোনো ব্যক্তিৰ বৰ্ণনামূলক বৈশিষ্ট্য (Ascriptive characteristics) যেনে জাতি,ধৰ্ম,বৰ্ণ আদিৰ কোনো নিষেধাজ্ঞা নাই। কোনো ব্যক্তিৰ বৰ্ণনামূলক বৈশিষ্ট্য যিহেতু সেই সমাজখনে নিৰ্ণয় কৰে আৰু ই ব্যক্তিজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়ে সমকামী লোকৰ বিবাহক কেৱল সমকামী হোৱাৰ বাবেই বিশেষ বিবাহ আইন, ১৯৫৪ৰ আওতাৰ বাহিৰত ৰখাটো আইন বহিৰ্ভূত বুলি তেওঁলোকে যুক্তি দৰ্শাইছে।
এই কথা যুক্তিসংগত কিয়নো কেৱল যৌন অভিমুখিতা (Sexual Orientation) যাৰ ওপৰত এজন ব্যক্তিৰ কোনো নিয়ন্ত্ৰণ নাথাকে, তেনে ব্যক্তি 'বিবাহ' নামৰ সামাজিক আৰু ন্যায়িক অনুষ্ঠানৰ পৰা আঁতৰাই ৰখা সংবিধানৰ অনুচ্ছেদ ১৪ (সমতাৰ অধিকাৰ) অনুসৰি ন্যায়সংগত নোহোৱাৰ আশংকা বেছি কিয়নো ই বৈষম্যমূলক। কোনো ব্যক্তি কি ছালৰ ৰঙ লৈ জন্ম হব যেনেকৈ নিৰ্ণয় কৰিব নোৱাৰে, তেনেকৈ যৌন অভিমুখিতা এজন ব্যক্তিৰ নিজৰ নিয়ন্ত্ৰণত নাথাকে । সেয়ে, যেনেকৈ বৰ্ণ বৈষম্য ন্যায়সংগত নহয়, তেনেকৈ লিংগৰ বহল ধাৰণাৰ এটা অংশ যৌন অভিমুখিতাৰ বাবে বৈষম্য ন্যায়সংগত হ'ব নোৱাৰে। আনফালে, চৰকাৰী পক্ষই সমলৈঙ্গিক বিবাহৰ বৈধতাৰ বিৰোধ কৰি দুই ধৰণেৰ যুক্তি আগবঢ়াইছে। এফালে সামাজিক নৈতিকতাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে ভাৰতৰ সমাজে বিবাহ বুলিলে এজন পুৰুষ আৰু মহিলাৰ সম্বন্ধক বুজাই যি হাজাৰ বছৰৰ পৰা চলি আহিছে আৰু এই সমলৈঙ্গিক বিবাহক বৈধতা প্ৰদান কৰিলে বিবাহ নামৰ সামাজিক অনুষ্ঠানটিৰ মৰ্যাদা লাঘৱ হোৱাৰ আশংকা আছে। যিহেতু ই এক অতি সামাজিক বিষয়, সেয়ে এই সন্দৰ্ভত নিয়ম কেনেধৰনৰ হোৱা উচিত সেয়া কেৱল সমাজৰ পৰা নিৰ্বাচিত হৈ অহা লোকৰে গঠিত বিধানপালিকাইহে ঠিক কৰিব পাৰে আৰু ই ন্যায়ালয়ৰ ক্ষমতাৰ বহিৰ্ভূত। আন এক ধৰণৰ যুক্তিত তেওঁলোকে কৈছে যে মানুহৰ সকলোধৰণৰ সম্পৰ্কক নিয়ন্ত্ৰণ কৰা ৰাষ্ট্ৰৰ কৰ্তব্য নহয় আৰু যিসমূহ সম্পৰ্ক নিয়ন্ত্ৰণ কৰাত ৰাষ্ট্ৰ আগ্ৰহী, সেইসমূহ সম্পৰ্ক তেওঁলোকে আইন প্ৰণয়নৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব, সেয়ে সংবিধানৰ আওতাত বিবাহ মৌলিক অধিকাৰ হ'ব নোৱাৰে। তেওঁলোকৰ আন এক যুক্তি যে সমলৈঙ্গিক বিবাহক স্বীকৃতি প্ৰদান কৰিলে বিবাহৰ সৈতে জড়িত আন সকলো আইন যেনে উত্তৰাধিকাৰ, সম্পত্তি, শিশু তুলি লোৱা আদি বহু আইন সলনি কৰিব লাগিব যি কেৱল বিধানপালিকাই হে কৰিব পাৰিব, সেয়ে ই ন্যায়ালয়ৰ বিচাৰ্যৰ বিষয় নহয়।
এই দুইপক্ষৰ আইনী যুক্তিৰ গভীৰতালৈ নগৈ, দুটামান কথা ইয়াতে ক'ব পৰা যায়। প্ৰথম, সাধাৰণতে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰই বৈষম্যমূলক আচৰণৰ সপক্ষে সবল যুক্তি দৰ্শাব নোৱাৰিলে, তেনে বৈষম্যক বহু সময়ত অসাংবিধানিক ঘোষণা কৰি আহিছে কিয়নো অযুক্তিৰ বৈষম্য অনুচ্ছেদ ১৪ৰ পৰিপন্থী। দ্বিতীয়তে,আইন সংশোধন বা প্ৰণয়ন কৰা ন্যায়ালয়ৰ কাম নহয় সঁচা, কিন্তু কোনো ব্যক্তিৰ সমতা আৰু মৰ্যাদাৰ অধিকাৰ খৰ্ব লাঘৱ কৰা বা সমঅধিকাৰ প্ৰদান কৰিবৰ বাবে নির্দেশ দিয়া উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ অন্তৰ্ভুক্ত তথা ন্যায়পালিকা অন্যতম কৰ্তব্য।
সমলৈঙ্গিক বিবাহৰ বৈধতাৰ এই আইনী যুঁজখন কেৱল আইনৰ মেৰপাছত সীমাবদ্ধ নহয়। ই আচলতে প্ৰচলিত সামাজিক নৈতিকতা আৰু ব্যক্তি অধিকাৰৰ মাজত হোৱা দ্বন্দ্ব । এটা কথা ঠিক যে, এই দ্বন্দ্ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে হোৱা নাই। ড৹ আম্বেদকাৰে হিন্দু কোড বিল উত্থাপন কৰোঁতে, দণ্ডবিধি আইনৰ ৩৭৭ অধীনত সমকামীতা অপৰাধ নহয় বুলি ঘোষণা কৰোঁতে, তিনি তালাখ অসাংবিধানিক বুলি ঘোষণা কৰা আদি বহু সময়ত সামাজিক নৈতিকতাক ঢাল হিচাপে ৰাখি বহুতে ইয়াৰ বিৰোধিতা কৰিছিল যদিও, সেই একেই সমাজে ইয়াক বৰ্তমান গ্ৰহণ কৰি লৈছে। সেয়ে সামাজিক নৈতিকতা যি বৈষম্যমূলক তেনে নৈতিকতাক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ভূমিকা ঐতিহাসিকভাবে উল্লেখনীয়। যোৱা ৩ মে' তাৰিখে উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত চৰকাৰী পক্ষৰ পৰা কোৱা হৈছে যে সমকামী লোকে সন্মুখীন হোৱা সমস্যাসমূহ চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হ'ব, আৰু এই কমিটিয়ে বৰ্তমান প্ৰচলিত আইনী ব্যৱস্থাৰ আওতাত থাকি যিখিনি পাৰে সমস্যা নিৰ্মূল কৰিবলৈ চেষ্টা কৰিব। ই আশাব্যঞ্জক আৰু এই কথা ন্যায়ালয় আৰু আবেদনকাৰী দুয়োপক্ষৰ পৰাই আদৰণি জনোৱা হৈছে। পিছে,কেৱল কমিটি গঠনেৰে সমলৈঙ্গিক বিবাহৰ স্বীকৃতিৰ বিষয়টো সম্বোধন কৰিব হয়তো নোৱাৰিব কিয়নো ই বহু বেছি জটিল।
-সুস্মিত
(১১/০৫/২০২৩ তাৰিখে আমাৰ অসমৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত)




Comments
Post a Comment