"The Assam Cattle Preservation Bill 2021" সম্পৰ্কে কিছু ক'বলগীয়া
 অসম চৰকাৰে কেইদিনমান আগতে "The Assam Cattle Preservation Bill'2021" বিধানসভাত উত্থাপন কৰিছে । এই বিল সম্পৰ্কে আমাৰ কিছু ক'বলগীয়া -
১) বিধেয়কখনৰ প্ৰস্তাৱনাত কোৱা হৈছে যে It seeks "to provide for preservation of cattle by regulating their slaughter, Consumption, illegal transportation..." এতিয়া প্ৰশ্ন হয়, Consumption regulate কৰা কথা কিমান আইনগত ভাবে যুক্তিসংগত? Drugs, Cigarette আদি স্বাস্থ্যৰ পক্ষে হানিকাৰক বস্তুৰ consumption Regulate কৰাত কবলগীয়া নাই। কিন্তু শ শ বছৰ ধৰি গ্ৰহণ কৰি অহা খাদ্য এখন আইনে regulate কৰিব পাৰেনে? K.S. Puttaswamy v. Union of India (Right to Privacy) judgementৰ পিছত এই কথা দৃঢ়তাৰে কব পাৰি যে Right to choice of food also comes under the ambit of Right to life U/A 21 of Indian Constitution. ইয়াৰ আগতে উত্তৰ প্ৰদেশৰ চৰকাৰে অনা 'গো সুৰক্ষা' আইনৰ ওপৰত আলোচনা কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈ থৈছে যে 'Eating food of choice, be it meat, is an aspect of the fundamental right to food'.
২) বিধেয়কখনৰ s.5(1) ত কোৱা হৈছে যে registered Veterinary Officer ৰ পৰা পোৱা 'হত্যাৰ বাবে গ্রহণযোগ্য'চাৰ্টিফিকেট অবিহনে কোনোয়ে Cattle হত্যা কৰিব নোৱাৰিব । S.5(5) ত কোৱা হৈছে যে 'Prescribed Authority' য়ে যিকোনো সময়ত এই চাৰ্টিফিকেটৰ বৈধতা নিৰূপণ কৰিব পাৰিব। Interestingly, S.5(7) ত কোৱা হৈছে যে পশুবিষয়া বা 'prescribed Authority'ৰ যি নিৰ্দেশনা সেয়া হব চূড়ান্ত আৰু ইয়াক কোনো আদালতৰ মজিয়াত প্ৰশ্ন কৰা ন'হব। ভাৰতীয় ন্যায়ব্যৱস্থাই ইতিমধ্যে Judicial review ক সংবিধানৰ basic structureৰ আওতাত আনি থৈছে ।(Minerva Mills Ltd. v. Union of India) তেনেক্ষেত্ৰত এই আইনে কেনেকৈ কোনো authorityৰ সিদ্ধান্তক চূড়ান্ত বুলি কব পাৰে? চৰকাৰে নিযুক্তি দিয়া এগৰাকী বিষয়াই জানো উদ্দেশ্যপ্ৰণোদিতভাবে চাৰ্টিফিকেট এখন নিদিওঁ বুলি কব নোৱাৰে? তেনে ক্ষেত্ৰত aggrived মানুহজন ন্যায় বিচাৰি কাৰ দ্বাৰস্থ হ'ব?
৩) S. 7(12) ত আৰু এক ভয়ানক কথা সংযোজন কৰা হৈছে । ইয়াত কৈছে যে permit অবিহনে কোনো ব্যক্তিক গৰু এঠাইৰ পৰা আনঠাইলৈ লৈ যোৱা যদি ধৰা পৰে, তেন্তে Prima facie ধৰা হব তেওঁ সেই গৰু হত্যা কৰিবলৈ লয় গৈ আছে। ইয়াত Burden of proof ঠেলি দিয়া হৈছে অভিযুক্তলৈ । সাধাৰণতে criminal law jurisprudence অনুসৰি 'Prosecution has to prove guilty beyond reasonable doubt' ইয়াত পিছে ইয়াক কৰি দিয়া হৈছে ওলোটা । ধৰা হওক এজন খেতিয়কৰ ঘৰ অন্য এখন জিলাত কিন্তু নতুন নতুন জিলা গঠন কৰাৰ পিছত তেওঁৰ খেতিমাটি পৰিছে ওচৰৰ আন এখন জিলাত । তেনে ক্ষেত্ৰত তেওঁ যদি আবেলি গৰু পথাৰৰ পৰা ঘৰলৈ আনি থাকে আৰু হাতত কোনো নথি নাথাকে, তেন্তে ধৰি লোৱা হব তেওঁ সেই গৰু হত্যাৰ বাবে লৈ আহিছে । কথাবোৰ শুনিবলৈ যান্ত্ৰিক যদিও মনত ৰাখিব, এই আইনৰ আওতা লৈ ইচ্ছা কৰিলে পুলিচ বা authority য়ে এজনক কিমান জ্বলাকলা খুৱাব পাৰে ।
৪) S.8 হৈছে এইখন আইনৰ most controversial provision। ইয়াত হিন্দু ধর্মকে ধৰি আন 'non beef eating community' বসতি অঞ্চল বা মন্দিৰ, সত্ৰ, বা অন্য হিন্দু ধৰ্মালম্বী লোকৰ উপাসনা স্থলৰ পৰা ৫ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত কোনেও গো মাংস কিনা-বেচা আদি কৰিব নোৱাৰিব । ইয়াৰে লগতে 'Competent authoriy' ক power দিয়া হৈছে যে এনে ঠাই সমূহ তেওঁলোকে নিজইচ্ছাৰে চিনাক্ত কৰিব পাৰিব । এই power হৈছে বহুল আৰু Arbitrary। ৫ কিঃমিঃ ব্যাসাৰ্ধৰ সীমাও হৈছে arbitrary। কি হিচাপত ৫কিঃমিঃ ললে আৰু ৪ বা ৬ ন'ললে? কোনো আইনে যদি executiveক arbitrarily নিজ শক্তি ব্যৱহাৰ কৰিবলৈ দিয়ে, এয়া হৈছে A. 14 ৰ Violation। এই ধাৰাৰ সৈতে জানো আইনখন অনাৰ objectiveৰ কোনো reasonable nexus আছে? আমাৰ মতত এই ধাৰা হৈছে সম্পূৰ্ণ ৰাজনৈতিক আৰু ইয়াৰে সৈতে গোধন ৰক্ষাৰ কোনো সম্পৰ্ক নাই । তাতকৈ কব পাৰিলেহেতেন যে যি ঠাইত public order বা law and order ৰ কথা আহিব পাৰে, তেনে ঠাইত ইয়াৰ কিনা বেচা নিষিদ্ধ । এয়া চাগৈ বেছি যুক্তিসংগত।
৫) S.11(1) টো ঠিক তেনেদৰে পুলিচ বা পশু বিষয়া এগৰাকীক power দিছে যে যদি 'তেওঁলোকে ভাবে' যে এই আইনৰ অধীনত কোনো offence হৈছে বা 'হবলৈ গৈ আছে' তেন্তে তেওঁলোকে কাৰো অনুমতি অবিহনে ঘৰত সুমাই তালাচী চলাব পাৰিব। ধৰিব পাৰিছেনে কিমান ভংয়ঙ্কৰ এই provision? পুলিচৰ হাতত Arbitrary power দিলে কি কি হব পাৰে সেয়া কোৱাৰ হয়তো কোনো কাৰণ নাই । ৰাইজে বুজে ।
৬) S.13 ৰ কথা মই পিছে বুজা নাই । S. 13 ত Ss. 5,6, আৰু 7 ৰ অধীনত দোষী সাব্যস্ত হলেহে শাস্তি দিয়া হব বুলি কোৱা হৈছে । সেই শাস্তিও পিছে সৰু নহয়। ৩-৭ বছৰলৈ কাৰদণ্ড বা ৫ লাখ টকালৈ জৰিমনা বা দুয়োটাই । S.8 ত ধৰ্ম, গো ভক্ষণ কৰা লোকৰ কথা সকলো কলে । পিছে কোনোৱে যদি সেই কাম provision violate কৰে, তাৰ শাস্তি কি হব পিছে আইনত নাই । অৰ্থাৎ এই S. 8 'A law without teeth' । আইনত কথা এষাৰ আছে । 'Ubi jus, ibi remedium' অৰ্থাৎ, যেতিয়া এক অধিকাৰ থাকে, তাৰে এটা remedyও থাকে । এতিয়া এজন 'কোনোৱে যদি নিষিদ্ধ ঠাইত গোমাংস বিক্ৰী কৰি থাকে, তেন্তে কোনো ব্যক্তিয়ে কাৰ ওচৰত complaint দিব? তেওঁৰ শাস্তি কি হব? শাস্তি নহয়েই যদি এই provision থকা কি লাভ? মই ভাবো যিয়ে এই আইন draft কৰিছে, তেওঁ জানে S.8 আইনৰ চকুত নিটিকে । সেয়ে তেওঁ ইয়াক চতুৰতাৰে কোনো punishment নিদিয়াকৈ থৈ দিছে ।
এই আইন গোপালকসকলৰ বাবে কিমান ভংয়ঙ্কৰ হয়তো ধৰিব পৰিছে । এই আইনত ভয়ত গোপালকসকলে গৰু পোৱা এৰি দিয়াৰ আশংকা ৰাজনৈতিকসকলে কৰিছে । লগতে, এনে আইনে সেই গোপালকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব । Right to livelihood ইতিমধ্যে উচ্চতম ন্যায়ালয়ে Right to life ৰ অধীনত বুলি কৈ থৈছে । অৰ্থাৎ সেই দিশৰ পৰাও এই আইন অসংগবিধানিক । এই আইনৰ Political বা economical impact কি হব সেই কথা কোৱাৰ আমাৰ সাধ্য নাই । এই বিষয়ৰ পাৰ্গতসকলে নিশ্চিতভাবে ইয়াক বিশ্লেষণ কৰিব ।
আইনৰ আৰম্ভণিতে কৈছে, এই আইন A.48 ত দিয়া directive principleৰ অধীনত বনাইছে । পিছে, It is well settled in law that when DPSP comes in direct conflict with Fundamental Rights, the fundamental rights will prevail over DPSP.
আইনখন পঢ়ি আমি এনেধৰনে এই বিধেয়কখনৰ সম্পৰ্কে ভাবো । অইনে যুক্তি দিব পাৰে কিয় এই বিধেয়কত আপত্তি কৰিবলগীয়া একো নাই । আইনৰ ছাত্ৰ বাক স্বাধীনতাত বিশ্বাসী হিচাপে সকলোৰে মতৰ প্ৰতি আমাৰ সন্মান আছে ।
-সুস্মিত



Comments
Post a Comment