দুখীয়াৰ অধিকাৰ বুলিবলৈ একো নাই




দুখীয়াৰ অধিকাৰ বুলিবলৈ একো নাই ।আমাৰ সকলোৰে সৰু ডাঙৰকৈ হ'লেও, নিজা বা ভাড়া দি হলেও ঘৰ বুলিবলৈ কিবা এটা আছে । দিনটো ভাগৰি আহি লাং খাই পৰিব পৰাকৈ বিচনা এখন আছে । সেই বিচনাত পৰিয়েই দেখিছোঁ অসমৰ নতুন চৰকাৰে চলাই থকা উচ্ছেদ অভিযানসমূহ । বহুতে আনন্দত আত্মহাৰা হৈ love reactএৰে উপচাই পেলাইছে উচ্ছেদৰ খবৰ দিয়া পোষ্টবোৰ । এই আসুৰিক আনন্দ বুজিবলৈ আমি অপাৰগ। হয়তো ইয়াত কোনোৱে সভ্যতাৰ যুজঁৰ আখৰা দেখিছে । কোনোৱে দেখিছে শত্ৰুপক্ষৰ পৰাজয় । তেঁওলোকে এই সকলোবোৰ দেখি আছে নিজৰ বিচনা,চোফাৰ কোমল cushionত বহি । তাত বহি পৃথিৱীখন মোবাইল ফোনৰ screenত চাবলৈ ভাল । পিছে সেই উচ্ছেদস্থলীৰ mute কৰা videoবোৰ, যাৰ লগত বাজি থাকে background musicৰ সৈতে সাংবাদিকৰ voiceover - সেই video unmute কৰিলে হয়তো শুনা যাব হঠাৎ গৃহহীন হোৱা শিশু-মহিলাৰ অসহনীয় আৰ্তনাদ ।

এইখিনি কথা লিখিবলৈ লোৱা মূল কাৰণ :
HBS নেতৃত্বাধীন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ এসপ্তাহৰ ভিতৰতে, ১৭ মে’ত, চতিয়া সমষ্টিৰ জামুগুৰিহাট অঞ্চলত ২৫টা পৰিয়ালক উচ্ছেদৰ অভিযান আৰম্ভ কৰে৷ কেৱল জামুগুৰিহাটতেই নহয়, পৰৱৰ্তী সময়ত চিৰাং জিলাৰ কৰাইবাৰী বনগাঁও, ৰুণিখাতাৰ ওদালগুৰি ৫নং বনাঞ্চল, কৰিমগঞ্জ জিলাৰ লোৱাইপোৱা লঙ্গাই সংৰক্ষিত বনাঞ্চলত উচ্চেদ অভিযান চলাই ঘৰ-দুৱাৰ, খেতি-বাতি ধ্বংস কৰা হয়৷ শেহতীয়াভাৱে ৬ জুনত হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ তাৰালাংছু কাকী টিলা বজাৰত ৭৪টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলায় আৰু এশবিঘাৰো অধিক মাটিৰ কুহিয়াৰ আৰু হালধি খেতি ধ্বংস কৰে৷
মন কৰিব, এই সকলোবোৰ হৈ আছে অতিমাৰীৰ সময়ত ।
যি অতিমাৰীয়ে আমাৰ প্রিয় একো একোজনক পৃথিৱীৰ পৰা কাঢ়ি লৈ গৈ আছে- সেই অতিমাৰীৰ সময়ত । পৰ্যাপ্ত ভেকচিন নাই, বয়বস্তুৰ আকাশলঙ্ঘী মূল্য আৰু চৰকাৰৰ প্ৰাধান্যতা - বেদখলমুক্ত অসম । এতিয়া প্ৰশ্ন হয়, বেদখল কৰি আছে কোনে? আপুনি-মই?,যাৰ থাকিবলৈ ঘৰ আছে, love react কৰিবলৈ মোবাইল আছে? নাই, নহয়।
চাৰিখন তৰ্জাৰ বেৰা গাঁঠি ৰ'দ-বৰষুণৰ পৰা বাছি ভাত এসাঁজ সিজাবলৈ যাৰ 510 million km² ৰ আন কতো এডোখৰ ঠাই নাই তেওঁলোকে উপায়হীন হৈ তেনেকৈ আছে । ইয়াৰে বহুতৰ সপোনৰ ঘৰখন উটুৱাই নিছে বানে । গৰাখহনীয়াত জাহ গৈছে নিজৰ মাটি ।
আমি আইনৰ ছাত্ৰ হিচাপে কথাবোৰ আইনৰ দৃষ্টিৰে চোৱা অভ্যসত পৰিণত হৈছে । ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদত কৈছে : "No person shall be deprived of his life or personal liberty except according to procedure established by law.” এই 'right to life' এক সংকীৰ্ণ ধাৰণা নহয়, ইয়াৰ পৰিসৰ বহল । ই কেৱল উশাহ লৈ জীয়াই থকাৰ কথা কোৱা নাই, ই কোৱা নাই কেৱল পশু সদৃশ জীয়াই থকাৰ কথা(Kharak Singh v. State of UP) । উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত বিভিন্ন ৰায়ত আন বহু অধিকাৰৰ লগতে 'Right to Shelter' ক অনুচ্ছেদ ২১ ৰ অধীনত এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে (Olga Tellis v. BMC) । এই উচ্ছেদসমূহৰ মাজেৰে state য়ে এই অধিকাৰ নিশ্চিতভাবে খৰ্ব কৰিছে । এনে কথা নাই যে state এ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰে । দস্তুৰমত পাৰে যদিহে এই খৰ্ব সংবিধানত দিয়া নিয়ম অনুসৰি কৰা হয় । এতিয়া অনুচ্ছেদ ২১ ৰ exception clauseত 'according to the procedure established by law'ৰ কথা কৈছে । আইনমতে চৰকাৰী ভূমি কোনেও দখল কৰিব নোৱাৰে সঁচা । পিছে যিসকলৰ ভূমি নৈয়ে কাঢ়ি লৈ গৈছে তেনেলোকক কোনো বিকল্প সংস্থাপন নিদিয়াটো জানো 'ন্যায়' হৈছে? বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰা জানো 'just, fair and reasonable' হৈছে? সংবিধানখনৰ spirit উপলব্ধি নকৰালৈ বোধহয় এনেবোৰ কাৰ্য চলিয়েই থাকিব ।
ইয়াৰ লগতে UDHR, ICESCR আদি বিভিন্ন আন্তৰ্জাতিক পৰ্যায়ৰ আইন quote কৰি থাকিব পাৰো । লগতে municipal law সমূহো যোগ কৰি প্ৰতিষ্ঠা কৰি দিব পাৰি যে এনে কাৰ্য্য 'অন্যায়'ৰ বাহিৰে একো নহয় ।
পিছে কিবা লাভ আছে জানো? এই বতাহ বৰষুণৰ মাজত মুকলি আকাশৰ তলত থাকিবলগীয়া ৰাইজক জানো এই আইনয়ে ঢুকি পাব?
বহুতে দাঠি কৈছে বেদখলকাৰী মানুহবোৰ বিদেশী । চিৰাং জিলাৰ কৰাইবাৰীৰ ৰাইজখিনি চোন 'বিশুদ্ধ' অসমীয়া । তেওঁলোকৰ কি হ'ব? আৰু বাকী উচ্ছেদহোৱা ৰাইজ যদি বিদেশীয়েই, তেওঁলোক Detention Campলৈ পঠোৱাৰ ব্যৱস্থা কৰা হোৱা নাই কিয়? Campত অন্ততঃ এখন ছাল থাকিব মূৰৰ ওপৰত...
শেষ কথা : বেদখলমুক্ত কৰাত মোৰ কোনো অসুবিধা নাই । এটাই কথা, বিকল্প সংস্থাপন দিয়ক । তেওঁলোক উপায়হীন মানুহ ।
আৰু তেওঁলোক মানুহ হয় নে নাই, তাতো কাৰোবাৰ যদি সন্দেহ আছে ,তেন্তে মোৰ ক'বলগীয়া নাই।

Comments