'শাখা-সেন্দুৰ' বিতৰ্ক
এতিয়া সৰ্বত্ৰে চৰ্চিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Bhaskar Das v. Renu Das (Mat.App 20/2019) নামৰ judgement টি। বহু news portal/Channelত ৰিপোৰ্ট কৰা হৈছে এই ৰায়। বহুতে বহুত কথা কৈছে। ৰাইজ ক্ষোভিত । স্বাভাৱিক। কিন্তু, প্ৰশ্ন হয় কিমানে judgementটি পঢ়িছে?
কথাটি এনেকুৱা :
২০১২ চনত বিবাহ পাশত আবদ্ধ হৈছিল ৰেণু আৰু ভাস্কৰ । দুয়োপক্ষৰ বিভিন্ন যুক্তি দিয়া হৈছে । মূল কথা পত্নীয়ে স্বামীৰ পৰিয়ালবৰ্গৰ লগত থাকিবলৈ অমান্তি আৰু বেলেগকৈ বাস কৰাত ইচ্ছুক । স্বামীৰ কথা, আৰ্থিক দিশেৰে তেওঁলোক বেলেগকৈ থাকিব পৰা ক্ষমতা নাই তথা ঘৰত ৰুগীয়া মাক আছে ।
ইয়াৰ উপৰিও, স্বামী তথা স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা নিৰ্যাতনৰ কথা কৈ ইতিমধ্যে পত্নীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৯৮-এ অধীনত ২০১৩ চনত গোচৰ ৰুজু কৰিছিল । লগতে আন আৰু দুটা স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আছে ।
ইতিমধ্যে ন্যায়ালয়ে স্বামী আৰু তেখেতৰ পৰিয়ালক ঘৰুৱা নিৰ্যাতনৰ গোচৰৰ পৰা দোষমুক্ত কৰি থৈছে ।
এনেধৰণৰ অভিযোগৰ দ্বাৰা হোৱা মানসিক নিৰ্যাতনৰ বাবে স্বামীয়ে ২০১৪ চনত divorce petition ডিব্ৰুগড় জিলা ন্যায়াধীশৰ আদালতত file কৰিছিল । পিছে court এ সেই আবেদন খাৰিজ কৰিছিল ।
তাৰে পৰিপ্ৰেক্ষিতত স্বামীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত appeal কৰিছিল divorce petition allow কৰিবলৈ ।
এয়া আছিল এটি background।এতিয়া আহোঁ আচল ঘটনালৈ । caseটি পঢ়ি ধৰিব পাৰি যে স্বামী-পত্নী উভয়পক্ষই এটাই আনটোৰ সৈতে থকাৰ কোনো ইচ্ছা প্ৰকাশ নকৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমুখত এতিয়া দুটা প্ৰশ্ন আছিল :
১. Whether the wife subjected the her husband to cruelty and deserted him?
২. Whether the petitioner is entitled to a decree of divorce?
এই দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সমগ্ৰ ঘটনাটি বিভিন্ন দিশৰ পৰা চালি জাৰি চাই (দিশসমূহ case টি পঢ়িলে জানিব) ন্যায়ালয়ে কয় যে, এই মিছা গোচৰৰ ফলত হোৱা স্বামীৰ হাৰাশাস্তি আচলতে Cruelty ত পৰে আৰু সেইবাবে এই cruelty হিন্দু বিবাহ আইন,১৯৫৫ অনুসৰি বিবাহ বিচ্ছেদৰ এটি ground হ'ব পাৰে । (২০১৯ চনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটি ৰায়দানৰ ভিত্তিত)
এতিয়া আহিছোঁ সেন্দুৰ প্ৰসংগলৈ । ৰেণু দাসে (The Respondent) cross-examinationৰ সময়ত ন্যায়ালয়ত on record কৈছে যে "মই ভাস্কৰ দাসক স্বামী হিচাপে নামানো হেতুকে শিৰত সেন্দুৰ নলওঁ।" ইয়াৰ ভিত্তিত কোর্টে কৈছে "Under the custom of Hindu Marriage, a lady who has entered into marriage according to Hindu rituals and customs, and which has not been denied by the respondent in her evidence, her refusal to wear ‘sakha and sindoor’ will project her to be unmarried and/or signify her refusal to accept the marriage with the appellant. Such categorical stand of the
respondent points to the clear intention of the respondent that she is unwilling to continue her
conjugal life with the appellant." যিহেতু তেওঁলোকৰ বিয়া হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি হৈছে, সেয়ে সেন্দুৰ নলওঁ বুলি কোৱা কথাই আচলতে এটা কথা প্ৰমাণ কৰে যে তেওঁ বিবাহ পাশত থাকিবলৈ মান্তি নহয়।
এই বাক্য শাৰীৰ ভিত্তিতেই বাতৰি কাকত বা সংবাদদাতাসকলে "Breaking News" কৰি দিলে যে সেন্দুৰ নোলোৱা মানে বিবাহক অস্বীকাৰ কৰা ।
আচলতে বাতৰি হ'ব লাগিছিল যে বিনা কাৰণত ঘৰুৱা নিৰ্যাতনৰ গোচৰ দি স্বামী আৰু তেখেতৰ পৰিয়ালক হাৰাশাস্তি কৰাটোও Divorce ৰ এটি 'ground' হ'ব পাৰে । কিয়নো যোৱাটো সময়ত এনে ভুৱা গোচৰৰ ভিত্তিত সামাজিকভাৱে অপদস্ত হোৱা, মানসিক নিৰ্যাতনত ভোগা বহু ঘটনা আমি দেখিবলৈ পাইছোঁ । কিন্তু, news ক লাগে 'মচলা' । এই গোচৰ আছিল divorce ৰ। কোৰ্টৰ দ্বায়িত্ব আছিল চালি জাৰি চোৱাৰ যে দুয়োপক্ষই বিবাহ পাশত থাকিব বিচাৰে নে নিবিচাৰে । যিহেতু ইতিমধ্যে পত্নীয়ে কোনো দ্বিধা নোহোৱাকৈ কৈ দিছে যে তেওঁ বিবাহখন স্বীকাৰ নকৰে হেতুকে সেন্দুৰ নলয় আৰু হিন্দু 'Customs and rituals' মতে বিবাহ পাশত আবদ্ধ পত্নীয়ে সেন্দুৰ লোৱা এক পৰম্পৰা সেয়ে ইয়াৰ পৰা ধৰিব পাৰি যে পত্নীৰ এই বিবাহ পাশত থকাৰ কোনো ইচ্ছা নাই আৰু সেয়েহে এই appeal কোর্টে allow কৰিলে ।
আচলতে এটা কথা বুজা উচিত, এই সময়ত ন্যায়ালয়েই হৈছে সাধাৰণ মানুহৰ একমাত্ৰ ভৰসা । গণতন্ত্ৰৰ আন সকলো স্তম্ভত কৈ Judiciary ৰ ওপৰত এতিয়াও বহুতে বিশ্বাস ৰাখে । এনেধৰনৰ আধৰুৱা 'Reporting' আচলতে ফেচবুকত লাইক, share আনি দিয়াৰ লগতে জনমানসত ন্যায়ালয়ৰ প্ৰতি এক ঘৃণাৰ সৃষ্টি কৰে । যি বিপজ্জনক ।
সেন্দুৰ প্ৰসংগত কবলৈ এটাই কথা । সেন্দুৰ লোৱা কথাটি হিন্দু ধৰ্মৰ 'Customs and rituals' ৰ আওঁতাৰ পৰা ওলাই নহালৈ হকে বিহকে ন্যায়ালয়ক 'মনুবাদী' 'পিতৃতান্ত্ৰিক' আদি আখ্যা দিবলৈ এৰক। সমাজ সংস্কাৰৰ বাবে বদ্ধ পৰিকৰ হওঁক। যেতিয়াৰ পৰা সেন্দুৰ লোৱা হিন্দু ধর্মৰ 'custom, rituals' ৰ আওঁতাৰ বাহিৰত পৰি যাব তেতিয়া ন্যায়ালয়ও এনে কথা কবলৈ বাদ দিব।
Judgment টিৰ লিংক :
https://www.livelaw.in/pdf_upload/pdf_upload-377198.pdf
(প্ৰকাশিত: আমাৰ অসম, ০৩ জুলাই,২০২০)




Comments
Post a Comment