ইলোৰা ৰায়চৌধুৰীৰ পৰা ইলোৰা বিজ্ঞান মঞ্চলৈ

 




ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে

সেইদিনা আছিল ১৫ মে', ২০০৩ চন । মোৰ মা ইলোৰা ৰায়চৌধুৰী কৰ্কটৰোগত যুঁজি যুঁজি এই দিনটোটেই শেষ নিশ্বাস ত্যাগ কৰিছিল । ছয়বছৰীয়া শিশু এজনৰ বাবে ঘৰত ইমান মানুহ গোট খোৱা দেখি অলপ আচৰিত হৈছিলোঁ । লগতে বহুতৰ হাতত কেমেৰা আৰু টিভিত দেখা বাতৰি পৰিবেশন কৰোঁতে ব্যৱহাৰ কৰা 'বুম' । সেই ঘটনা মোৰ চকুৰ আগত আজিও ভাহি আছে । কাষৰ এটা ৰুমত সদায় গহীন ভাবেৰে থকা দেউতাই চকু পানী মচা, বহুতে কান্দি কান্দি আহি মোৰ মূৰত হাত ফুৰাই দিয়া সেইবোৰত অলপ আচৰিত আছিল । সেই ছয়বছৰীয়া মই টোৱে টো জনা নাছিলোঁ সেয়া আছিল মাৰ সৈতে মোৰ শেষ দেখা । জনা নাছিলোঁ সেয়া আছিল অসমৰ বিজ্ঞান আন্দোলনৰ ইতিহাসত এটি স্মৰণীয় দিন ।
মোৰ মনত আছে কেনেদৰে মোক ঘৰৰ কাষৰে মামা এজনৰ তেওঁলোকৰ ঘৰলৈ মোক লৈ যোৱা হৈছিল। মনত আছে 'চাহাৰা' নামৰ টিভি চেনেল এটাত প্ৰত্যেক এঘণ্টাৰ মূৰে মূৰে আমাৰ ঘৰৰ ভিডিঅ' ফুটেজ দেখাই আছিল । জনা নাছিলোঁ কিহৰ বাবে এইবোৰ হৈ আছে । মোক যেতিয়া মাৰ মৃত্যুৰ পাছত মানুহে লগ পাওঁতে মাৰ মহানুভৱতা আৰু তেওঁৰ বিষয়ে কৈছিল, মই সেইবোৰ দয়া উপজি কোৱা, পুতৌ কৰি কোৱা কথা বুলি উৰুৱাই দিছিলোঁ । পুতৌ কৰাটো মই কোনোদিনেই বিচৰা নাছিলোঁ । মই আটাইতকৈ আচৰিত হৈছিলোঁ আমাৰ ঘৰৰ ওচৰৰে আনৰ ঘৰত গৃহকৰ্মী হিচাপে কাম কৰা মহিলাসকলে যেতিয়া মোক দেখি আনক চিনাকি কৰি দিছিল, 'এয়া ইলোৰা বাইদেউৰ ল'ৰা' বুলি । তেওঁলোকৰ সৈতে মোৰ চিনাকি আছিল সৰুৰে । আমাৰ ঘৰৰ এটা কোঠাত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কাৰ্যালয় আছিল । সেই কাৰ্যালয়ত মায়ে এখন বৰ্ড আনি তেওঁলোকক আখৰ লিখা শিকোৱাৰ কথা মোৰ মনত আছে । প্ৰায় ১০-১৫ গৰাকী মহিলা আমাৰ ঘৰত নিয়মিত আহি মাৰ পৰা অসমীয়া আখৰবোৰ শিকিছিল ।অসমীয়া আখৰৰ বা শব্দৰ জ্ঞান সেই সময়ত তেওঁলোকতকৈ মোৰ কিছু বেছি আছিল হেতুকে মাজে মাজে ময়ো তেওঁলোকৰ কাষতে বহি, "অ আ ক খ"ও নাজানেনে আপুনি বুলি হাঁহিছিলোঁ । মাৰ গালি খাইছিলোঁ । সেয়া হবপাই ২০০২ চনৰ কথা । মোৰ কথাবোৰ ভাঙি ভাঙি মনত আছে । যেন কিবা সপোনহে । মা ঢুকুৱাৰ বহু বছৰ পিছলৈ মানুহে লগ পালে, 'মাৰ কথা মনত আছেনে?' জাতীয় প্ৰশ্ন বোৰে মোক বৰ ইতঃস্তত্ব কৰিছিল । তেওঁলোকৰ মাতৃহীনা এজনৰ মনত কি ঘটিব পাৰে সেই জনাৰ অনুসন্ধিৎসা পূৰণ কৰাৰ কোনো ইচ্ছা নাছিল । কিন্তু সেই প্ৰশ্নবোৰে মোৰ মনত ক্ৰিয়া কৰিছিল । আচলতে কি মনত আছে মোৰ? মাৰ চিকিৎসাৰ বাবে বহুবাৰ চেন্নাইলৈ ট্ৰেইন যাত্ৰা ৰ কিছু অংশ, মোতকৈ জেষ্ঠ এজনক তই সম্বোধন কৰি বাঁহৰ মাৰি এডালেৰে খোৱা কোব, কিছুমান সৰু সৰু ঘৰুৱা ঘটনা আদিৰ বাহিৰে টো একোৱেই মনত নাই ।
তেনেদৰে দিন গৈছিল । লাহে লাহে ডাঙৰ হৈ আহিছিলোঁ যদিও মাৰ অভাৱ সঁচা অৰ্থত দেউতাই কেতিয়াও অনুভৱ কৰিব দিয়া নাছিল । অভাৱ অনুভৱ কৰিছিলোঁ কিছুমান সৰু সৰু কথাত হে । স্কুলত লঘু আহাৰৰ বাবে যেতিয়া বিৰতি দিছিল প্ৰায় সকলোৱেই ঘৰত বনাই অনা চাওমীন,ৰুটি ভাজি আদি উলিয়াই ভগাই খাইছিল । আৰু মই দেউতাই ৰাতিপোৱা উঠি ৰাতিয়েই তিয়াই থোৱা বুট সিজাই দিয়া টিফিনটো উলিয়াই লৈছিলোঁ । সকলোৰে এটি উৎসাহ আছিল আজি কাৰ টিফিন ভগাই খাম জাতীয় । মোৰ টিফিনৰ প্ৰতি কোনেও সেই উৎসাহ দেখুওৱা নাছিল ।নেদেখুৱাটোৱেই স্বাভাৱিক । তৎসত্তেও, বহু বন্ধুয়ে মোক তেওঁলোকৰ টিফিনৰ ভাগ দিছিল । সেইবোৰ খাওঁতে নিজকে মাজে মাজে দোষী যেন লাগিছিল । সেই ঠিক তেনে সময়বোৰত মাৰ অভাৱ অনুভৱ হৈছিল । সেই কথাবোৰ দেউতাক কেতিয়াও আহি কোৱা নাছিলোঁ । যিজনে পোৱাৰ টিফিনৰ পৰা ৰাতিৰ ভাত সাঁজ বনাই খুৱাইছিল, কেতিয়াও ভোকত থাকিবলৈ দিয়া নাছিল, মোৰ কাপোৰ ধোঁৱাৰ পৰা নিজৰ অফিচৰ কামবোৰ সকলো কৰি গৈছিল- তেওঁক কোনখন মুখেৰে চাওমীন বনাই টিফিনত দিয়াৰ কথা কওঁ সেই শিশুটিৰ কাৰণে এক জটিল প্ৰশ্ন আছিল । তেনেদৰেই দিন বাগৰিল। সেই শ্ৰেণীৰ চুকত সিদ্ধ বুট, মেৰীগোল্ড ৰ টিফিন খাই খাই আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ হলো ।

মৃত্যুৰ পিছত দেহদান কৰি যোৱা উত্তৰপূবৰ দ্বিতীয় আৰু অসমৰ প্ৰথম ব্যক্তি বুলি ১৬ মে' ২০০৩ তাৰিখে অসমৰ সকলো বাতৰি কাকত আৰু The Hindu, The Telegraph আদি বাতৰিকাকতৰ পেপাৰ কাটিং কিছুমান ঘৰত এতিয়াও থৈ দিয়া আছে । সেইসময়ত দেহদান কি, কিয় মাৰ দৰে এগৰাকী সাধাৰণ মহিলাৰ মৃত্যু বাতৰিকাকত সমূহৰ কাৰণে ইমান ডাঙৰ খবৰ একো বুজা নাছিলোঁ । ২০০৪ চনত মাৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকীৰ দিনা আমবাৰীস্থিত অসম টেক্সটাইল ইনষ্টিটিউটত এটি সংগঠন জন্ম হৈছিল । সংগঠনটিৰ নাম দিছিল 'ইলোৰা বিজ্ঞান মঞ্চ' । তাত অহা মানুহবোৰক চিনাকি কৰি দিয়োতে জানিছিলোঁ তেওঁলোক বেছিভাগ কলেজৰ অধ্যাপক, ডাক্তৰ, বিজ্ঞানী আৰু সমাজ সেৱক। ওচৰ চুবুৰীয়া মানুহসকলো তাত উপস্থিত আছিল । আজি ১৬ বছৰ পিছত সেই অনুস্থূপীয়া অনুষ্ঠানত জন্ম হোৱা সংগঠন অসমৰ ৰাইজৰ আগত এটি চিনাকি নাম । মোৰ মনত আছে জন ডেভিছ বুলি মানুহ জনৰ কথা । মাৰ পিছত মৰণোত্তৰভাবে দেহদান কৰা তেওঁ আছিল অসমৰ দ্বিতীয় ব্যক্তি । তেওঁৰ পৰাই আৰম্ভ হৈছিল বিজ্ঞান মঞ্চৰ বিজ্ঞানমনস্কতাৰ আন্দোলন ।
আমাৰ ঘৰৰে এটি কোঠাতেই প্ৰায় ১২ বছৰলৈ কাৰ্যালয় হিচাপে থকা ইলোৰা বিজ্ঞান মঞ্চক মই কাষৰ পৰা দেখিছোঁ যদিও কেতিয়াও ওতঃপ্ৰোত ভাবে জড়িত হোৱা নাই । সৰুতে দেখোঁ সেই কোঠাতেই কিছুমান চিনা জনা লোক আহি মিলিত হৈ সভা কৰে । ঘৰৰ বাহিৰত এখন সৰু চাইন বৰ্ড । ইমান সৰু কোঠাত জেষ্ঠ লোক কেইজনে কিহৰ মিটিং কৰি থাকে বুলি সৰুতে নিজকে শুধা প্ৰশ্নবোৰৰ উত্তৰ লাহে লাহে পাবলৈ আৰম্ভ কৰিলোঁ । গম পালোঁ, অসমৰ বিজ্ঞানমনস্কতাৰ হকে আৰু কু সংস্কাৰ বিৰোধী আন্দোলনত ইলোৰা বিজ্ঞান সমুখ শাৰীৰ পৰা নেতৃত্ব দি আহিছে । ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে জড়িত বেদমূৰ্তি উম চক্ৰৱৰ্তী, ইতিহাসবিদ অমলেন্দু গুহ এটা সময়ত মোৰ বাবে কেৱল এটি এটি নামহে আছিল । তেওঁলোকৰ প্ৰতি দেউতাৰ মুখত দেখা শ্ৰদ্ধা আৰু ভক্তিভাব দেখি ভাবিছিলোঁ কোনোবা ডাঙৰ মানুহ হয়তো । পিছত বুজিলোঁ কোন আছিল তেওঁলোক ।আগতে ভাবিছিলোঁ, এই এন জি অ' বোৰ হয়তো এনেকৈয়ে চলে ।
পিছত যেতিয়া এন জি অ' আৰু সমাজসেৱাৰ নামত চলা বহু সংগঠনৰ ভণ্ডামিৰ কথা 'ইণ্টাৰ্ণশ্বীপ' কৰিব যোৱা লগৰীয়াবোৰৰ মুখত শুনি, নিজে দেখি জানিলো ইলোৰা বিজ্ঞান মঞ্চ কিয় ব্যতিক্ৰম ।
বহু বছৰৰ পৰা অসমৰ বিভিন্ন ঠাইত ১০ ডিচেম্বৰ দিনটো ইলোৰা বিজ্ঞান মঞ্চই ভাষাৰ ওজা হেমকোষপ্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন কু সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে । ১০ ডিচেম্বৰ তাৰিখ তোলৈ সৰুতে বৰ হেঁপাহেৰে ৰৈ থাকিছিলোঁ । সেইসময়ত মোৰ বাবে সেইটো ইমান আমোদজনক কথা নাছিল। অসমৰ বিভিন্ন ঠাইত 'ফুৰিবলৈ' যোৱা কথাটোয়েহে বেছি আমোদ দিছিল । যা হওঁক, সৰুতে এইবোৰ কথা বুজি নোপোৱাৰ বাবে এতিয়া অনুতাপ হয় । হয়তো মীটিং ত গৈ বাহিৰত ঘূৰি নাথাকি ভালদৰে ভাষণবোৰ শুনিলে হয়তো কথাবোৰ আগতেই উপলব্ধি কৰিব পাৰিলোঁহেতেন ।
বিজ্ঞান মঞ্চৰ আন্দোলনৰ এই সময়ছোৱাত এক বিশেষ গুৰুত্ব আছে । যি সময়ত চৰকাৰী পক্ষই তথা দেশৰ কিছুমান আগশাৰীৰ নেতা মন্ত্ৰীয়ে বিভিন্ন ঘটনাৰ অদ্ভুত বাখ্যাৰে সমাজত অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মান্ধতাক আনুষ্ঠানিক ৰূপ দিব চেষ্টা কৰি আছে, সেইবোৰক যুক্তিৰে ৰোধিবলৈ প্ৰয়োজন এক প্ৰগতিশীল বিজ্ঞান আন্দোলনৰ । নৰেন্দ্ৰ দাভোলকাৰ, গৌৰী লংকেশ, এম এম কালবুৰ্গী আদি যুক্তি বাদীক ধৰ্মান্ধই গুলিৰে হত্যা কৰা এইখন দেশত প্ৰয়োজন বিজ্ঞানমনস্কতাৰ আন্দোলন । মই নিজেই ভাৰতৰ সংবিধানৰ ছাত্ৰ । সংবিধানে অনুচ্ছেদ ৫১এ (এইচ) ত কৈ গৈছে বিজ্ঞানমনস্কতা বিকাশ কৰা এজন ভাৰতীয় হিচাপে সকলো মানুহৰ মৌলিক কৰ্তব্য । সংবিধানৰ এই প্ৰগতিশীল চিন্তা আগত ৰাখি বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ বাবে সকলো যুক্তি বাদী বিশেষকৈ যুৱ ছাত্ৰ সমাজে আগ ভাগ লোৱাৰ সময় এয়া । শ্ৰদ্ধাৰ ড৹ দীনেশ চন্দ্ৰ গোস্বামী দেবে লিখা এটি পাঠ আমাৰ পাঠ্যক্ৰমত আছিল ।তেওঁ তাত বৈজ্ঞানিক মানসিকতাৰ কথা লিখি কৈছিল, 'বৈজ্ঞানিক মানসিকতা গঢ় দিবলৈ বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই' । এইখিনিৰ লগতে আৰু এটা কথা যোগ দিয়াটো উচিত হব । অসমৰ ৰাইজে হেমচন্দ্ৰ বৰুৱা দেৱক কেৱল অসমীয়া ভাষাৰ বাটকতীয়া তথা হেমকোষ প্ৰণেতা হিচাপেই চিনি পায় । খুব কম সংখ্যক লোকে জানে তেওঁৰ বৈজ্ঞানিক মানসিকতাৰ কথা । ইয়াক লৈও চৰ্চাৰ প্ৰয়োজন আছে । জাতীয় অনুষ্ঠানবোৰে তেওঁৰ এই দিশটিক অসমৰ ৰাইজৰ ওচৰত লৈ যোৱাত এক আগ শাৰীৰ ভূমিকা পালন কৰিব পাৰে । অসম সাহিত্য সভাৰ এই ক্ষেত্ৰত এক বিশেষ দ্বায়িত্ব আছে । অসমত প্ৰচলিত ডাইনী হত্যা, বেজ ওজাৰ অতপালি ৰোধৰ বাবে যুক্তিবাদী আৰু প্ৰগতিশীল সমাজৰ লগতে জাতীয় অনুষ্ঠান বোৰে আগ ভাগ লোৱাৰ সময় এয়া ।

এইখিনিতে এটা কথা মনত পৰিছে। মাৰ মৃত্যুৰ কেইমাহমানৰ আগৰ কথা এয়া । মাৰ বেমাৰ ভাল হোৱাৰ আশা ক্ষীণদেখি ওচৰ চুবুৰীয়া এজনে কোনোবা এজন 'জৰা-ফুঁকা' কৰিব জনা লোকক আমাৰ ঘৰলৈ লৈ আহিছিল । তেওঁৰ আশা আছিল জানোচা ইলোৰা বৌৰ বেমাৰ ভাল হৈয়েই । মাৰ সেইসময়ত দুই হাওঁফাওঁ প্ৰায় বিকল হৈ পৰিছিল । অক্সিজেন নাকত লগাই টেবুল এখন আগত লৈ দিনে ৰাতিয়ে বহি থাকিব লগীয়া হৈছিল । হেলনীয়া হ'ব পৰা নাছিল । তৎসত্তেও মায়ে 'জৰা-ফুঁকা' কৰিব জনা জনক নিজৰ ওচৰলৈ আহিব নিদিলে । বৰঞ্চ, তেওঁক আমাৰ ঘৰলৈ অনা বাবে ওচৰ চুবুৰীয়াজনক আমাৰ সকলোৰে আগতে গালিহে পাৰিলে । মৃত্যুৰ ক্ষণ গণি থকা মহিলা এগৰাকীৰ এনে সাহস আৰু আত্ম বিশ্বাসৰ কথাভাবিলে আজিও গৌৰৱ অনুভৱ কৰোঁ । মোৰ জীৱনত মই নজনাকৈয়েই এনেবোৰ বহু কথাই সাঁচ বহুৱাই থৈ গৈছে । ওচৰ চুবুৰীয়াজনক দিয়া ধমক মোৰ এতিয়াও মনত আছে ।

আজি ২০২০ চন ।অসমত দেহদান কৰা প্ৰথম গৰাকী ব্যক্তি আছিল মা । আজি সেই মানুহৰ সংখ্যা প্ৰায় ৯০ জন । প্ৰায় ১০০০ মানুহে ইতিমধ্যে স্বাক্ষৰ কৰি থৈছে শেষ ইচ্ছা হিচাপে নিজৰ নশ্বৰ দেহ চিকিৎস্য বিজ্ঞানৰ নামত দান কৰা ইচ্ছা-পত্ৰত । কেৱল সেয়াই নহয়। অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিৱিৰ, কুসংস্কাৰ, ডাইনী হত্যা আদিৰ বিৰুদ্ধে বাটৰ নাট, সজাগতা সভা, নেত্ৰদান আদি অনুষ্ঠানেৰে ইলোৰা বিজ্ঞান মঞ্চ এতিয়া এক প্ৰতিষ্ঠিত নাম । কেইজনমান মানুহৰ সপোন এটাই ইমান দূৰ অতিক্ৰম কৰিব পাৰে বুলি ভবা নাছিলোঁ। ভবা নাছিলোঁ এই ব্যতিক্ৰমী আন্দোলন এসময়ত ইমান ডাঙৰ হব ।
অলপতে মাতৃ দিৱস গ'ল । আনৰ দৰে মাক ধন্যবাদসূচক বাক্যলিখি সামাজিক মাধ্যমত দিব পৰাকৈ বেছি ফটো নাই । আছে মাথোঁ কিছু স্মৃতি । লগত আছে মায়ে দি যোৱা এটি আদৰ্শ । সেয়াই যথেষ্ট । মায়ে মোকলৈ দেখা সপোনৰ কথা মই নাজানো । নাজানো কি বিচাৰিছিল মোৰ পৰা । কেৱল জানো মানুহক মানুহ হিচাপে সন্মান কৰিবলৈ শিকাইছিল মায়ে । জানো ধৰ্ম- জাতিৰ নামত ভাগ কৰিবলৈ শিকোৱা নাছিল মায়ে । মাতৃভাষাৰ প্ৰতি থকা তেওঁৰ অগাধ মৰমৰ কথাও মনত আছে । সেইবোৰক লৈ আগবাঢ়ি আহিছোঁ । মাৰ আদৰ্শক জীয়াই ৰাখিবলৈ মই বা মোৰ দেউতা নগণ্য ঠিকেই, কিন্তু ইলোৰা ৰায়চৌধুৰীক জীয়াই ৰাখিবলৈ আছে ইলোৰা বিজ্ঞান মঞ্চ । জড়িত হৈ আছে বিজ্ঞানপ্ৰসাৰৰ আন্দোলনৰ বহু কৰ্মকৰ্তা । বিজ্ঞান মঞ্চৰ কামকাজেৰে জীয়াই ৰাখিছে মোৰ মাৰ মানৱতাবোধ আৰু আদৰ্শ। এই ১৬ বছৰে ইলোৰা বিজ্ঞান মঞ্চক জীয়াই ৰাখি বিজ্ঞান আন্দোলনক মাত্ৰ প্ৰদান কৰা সকলোলৈ ধন্যবাদ । বিজ্ঞান মঞ্চৰ জয়যাত্ৰা অব্যাহত থাকক । ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসত সকলোলৈ শুভেচ্ছা ।
বিজ্ঞান আন্দোলন দীৰ্ঘজীৱি হওঁক ।




-সুস্মিত ইচফাক


(প্ৰকাশিত : আমাৰ অসম, ১৫ মে' ২০২০)

Comments