"How many roads must a man walk down Before you call him a man?"
সেয়া সময় আছিল দেশ বিভাজনৰ । হঠাৎ ৰাতিৰ ভিতৰত দেশ ভাগ হৈছিল । এখন ভাৰত আনখন পাকিস্তান । লাখ লাখ মানুহ নিজৰ জন্মস্থান, যি ঠাইত খেলি ডাঙৰ হৈছিল, যি ঠাইৰ মাটি লেপি নিজৰ ঘৰ সাজিছিল, সেই মানুহবোৰ ৰাতিৰ ভিতৰত গৃহহীন হৈছিল । যাব লগা হৈছিল আন এখন ঠাইলৈ; খোজকাঢ়ি, ব্ৰইলাৰ মুৰ্গী অনা গাড়ীবোৰৰ দৰে ট্ৰেইনত এটাৰ ওপৰত এটা উঠি । তাৰেই পৰাই এশ শতাংশই আছিল মজদুৰ, খেতিয়ক যিয়ে দিনৰ দিনটো শ্ৰমদানেৰে ঘৰৰ মানুহখিনিৰ বাবে সিজাবলৈ ভাত বা বেলিবলৈ ৰুটি যোগাৰ কৰিছিল । সেয়া আছিল ১৯৪৭-৪৮ চনৰ কথা । সময় বাগৰিল । এয়া ৭২ বছৰ পিছৰ কথা । এই ৭২ বছৰত বহু সলনি হ'ল । চন্দ্ৰত মানুহে খোজ দিলে, শীতল যুদ্ধ আৰম্ভ হল, আমেৰিকান যুদ্ধ ( ভিয়েটনাম যুদ্ধ) সংঘটিত হল, ইণ্টাৰনেট আহিল, ৯/১১ য়ে পৃথিৱী কঁপালে ( read আমেৰিকা), পৃথিৱী পৰা প'লিঅ' আৰু বৰআই নিৰ্মূলকে আদি কৰি বহু ঘটনা হল । ভাৰতবৰ্ষও বহু সলনি হল । বগা চাহাব গ'ল( যদিও ক'লা চাহাববোৰে পিছলৈ অভাৱ অনুভৱ কৰিব নিদিলে), দুজনকৈ প্ৰধানমন্ত্ৰীৰ হত্যা হ'ল, দূৰদৰ্শন আহিল, মধ্যবিত্ত শ্ৰেণী গঢ়লৈ উঠাকে আদি কৰি বহু পৰিৱৰ্তন- যাক কৈ শেষ কৰিব নোৱাৰি । পিছে, এইবোৰৰ মাজতে এক শ্ৰেণীৰ বৰ বেছি একো পৰিৱৰ্তন ন'হল। যি শ্ৰেণীয়ে আধুনিক ভাৰতবৰ্ষ নিৰ্মাণ কৰিলে, সেই শ্ৰেণীৰ বৰ বেছি একো ন'হল । জমিদাৰৰ পৰা টকা ধাৰ লৈ কিছুমানে ৰঙীন টিভি কিনিলে সঁচা, এবেলা ভাত নাখায় ডাঙৰকৈ গান শুনিব পৰা মোবাইল এটা যোগাৰ কৰিলে সঁচা; কিন্তু মূলতঃ একো ন'হল । ৪৭ৰ আগতেই আজুককাকে যিদৰে পোৱাৰ পৰা ৰাতিলৈ আনৰ ঘৰত খাটি দিনটোৰ ভাত কেইসাজ যোগাৰ কৰিছিল, ঠিক তেনেদৰেই নাতিনিয়েকে আনৰ সপোনৰ ঘৰৰ ইটা নিজৰ মূৰত কঢ়িয়াই সেই ভাত কেইসাজই যোগাৰ কৰি থাকিল । এতিয়া ২০২০। অভূতপূৰ্ব দিন পাৰ কৰিছে পৃথিৱীবাসীয়ে । ভাৰতবৰ্ষটো তাৰ প্ৰভাৱ । অহা ২০-২৫ দিনত এই মহামাৰীয়ে কি ৰূপ লৈ কোনেও ক'ব নোৱাৰে । যিয়ে পাৰিছে তেওঁলোকে খাদ্য গোটোৱা আৰম্ভ কৰিছে । বস্তাত চাউল, টেমাত Nachos, ফ্ৰীজত Coke । যিয়ে আকৌ নোৱাৰে তেওঁলোক বিপাঙত । গুৱাহাটীৰ শিলপুখুৰী, হাতীগাঁওত যিয়ে পুৱা ৫-৮ তা মানৰ ভিতৰত গৈছে, তেওঁলোকে জানে কিদৰে শ শ শ্ৰমিক ৰৈ থাকে দিনটো হাজিৰা কৰিবলৈ । ৪০০ টকা এটা পালে চাউল ডালিৰ দাম ওলায় ।এতিয়া সকলো বন্ধ । ইফালে যিসকলে শ্ৰমদান কৰি পৰিয়ালক পোহপাল দিবলৈ আন ৰাজ্যত কাম কৰিবলৈ গৈছিল তেওঁলোকৰ কথা জানেই । ২০০-৩০০ কিমি বাট পুত্ৰ জীয়ৰীক কান্ধত উঠাই খোজ দিছে ঘৰলৈ । ৰাস্তাত গাড়ী নাই । গাড়ী দিবলৈ ৰজাঘৰৰ আহৰি নাই । ( NRIক airlift কৰাত ব্যস্ত) এয়াই ৰূঢ় বাস্তৱ । এওঁলোক চিচিফাছ নহয়, যিয়ে নিজৰ কৰ্মদোষত শিল দাঙি ফুৰিব অনন্তকাললৈ । কিন্তু কঢ়িয়াই ফুৰিছে । এয়া বাস্তৱ । অন্ততঃ এতিয়ালৈ ফুৰিছে । বিনা দোষত । 'Work from Home' সকলোৰ বাবে সম্ভৱ নহয় । ইয়াৰ কাৰণে দুটা বস্তুৰ প্ৰয়োজন; work আৰু home। যেতিয়া ইয়াৰ এটাও নাথাকিব, আৰু পেটত থাকিব ভোক; তেওঁলোকৰ কাৰণে ৰাষ্ট্ৰঃ হৈ পৰিব সন্ত্ৰাস । আৰু কেই শ বছৰ খোজ কাঢ়িলে তেওঁলোক হৈ উঠিব মানুহ?



Comments
Post a Comment