২১ শতিকা(ৰ মধ্যবিত্ত) ধেমালি নহয়!
এজন কৰ্মচাৰী হিচাপে যেতিয়া পেটত লাথ খোৱাৰ ভয় আহে, তেতিয়া প্ৰথমে মনলৈ আহে নিজৰ প্ৰাপ্যৰ কথা আৰু দ্বিতীয়তে বাওঁপন্থা, যি বাওঁপন্থাৰ ছত্ৰছাঁয়াত থাকিয়েই দেশৰ মধ্যবিত্তই কৰ্মসংস্থাপনৰ যুঁজখন এসময়ত আগুৱাই নিছিল । চাকৰি স্থায়ীকৰণৰেই হওঁক বা কৰ্মচাৰীৰ নূন্যতম মানৱীয় গৰিমা ৰক্ষাৰেই হওঁক, Price Index অনুসৰি বেতন লাভৰেই হওঁক বা বৃদ্ধকালত পেঞ্চন লাভ কৰা অধিকাৰেই হওঁক- এই সকলোবোৰৰ গুৰিতেই আছিল বাওঁপন্থী চিন্তাধাৰা ।
সেয়া সত্তৰৰ দশকৰ কথা । নিজৰ মৌলিক তথা সামাজিক অধিকাৰবোৰৰ বাবে কৰা আন্দোলনত যেতিয়া লাঠিচার্জ হৈছিল, পুলিচী নিৰ্যাতন চলিছিল, শ শ মানুহক যেতিয়া পুলিচে চোঁচৰাই জেইলত লৈ গৈছিল তেতিয়া বিভিন্ন ৰাজ্যৰ বিধানসভাত থকা কেৱল মাত্ৰ বাওঁপন্থী বিধায়কসকলেহে মাত মাতিছিল । বিধানসভাৰ ভিতৰত তেওঁলোকৰ বিনাচৰ্তে মুক্তিৰ দাবীত তাল ফাল লগোৱা বাওঁপন্থী বিধায়কসকলৰ নিখুঁত যুক্তিৰ আগত শাসনাধিস্থ চৰকাৰসমূহ নিশ্চুপ হৈ ৰৈছিল । এয়া আছিল সেই সময়ৰ কথা যেতিয়া এক বুজন পৰিমাণৰ বাওঁপন্থী বিধায়ক বিধানসভাবোৰৰ ভিতৰত আছিল ।
সমগ্ৰ দেশজুৰি হোৱা বহুকেইটা সফল আন্দোলনৰ সাক্ষী হৈছে ১৯৭০-৮০ৰ দশক । এই দশকৰে আৰম্ভণিভাগত বেংক তথা কয়লা উদ্যোগ ৰাষ্ট্ৰীয়কৰণ হয় আৰু শেষৰ ভাগত অনিয়মিত অনুদানেৰে চলি থকা স্কুল, কলেজবোৰো চৰকাৰীকৰণ হয় । সেই শিক্ষানুষ্ঠানৰ শিক্ষকসকলেও এক সন্মানজনক বেতন লাভ কৰিবলৈ আৰম্ভ কৰে আৰু দেশৰ শিক্ষাখণ্ডত এক চকুতলগা পৰিৱৰ্তন হয় যি নিতান্তই প্ৰয়োজনীয় আছিল ।
ৰেল,বিমানবন্দৰ, বেংককে আদি কৰি অন্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলে বৰ্তমান লাভ কৰা মান্যতাৰ আঁৰত আছে এক সংগ্ৰামৰ ইতিহাস । যি প্ৰাপ্যৰ দাবীত কৰা আন্দোলনৰ ফলত আজি চৰকাৰী চাকৰিয়াল সমূহে এক আৰামদায়ক জীৱন জীয়াই আছে- সেই আন্দোলন কৰা বহুতেই ইফালে আন্দোলন কৰি কৰিও নিজৰ কাৰ্যকালত সেই আন্দোলনৰ ফল নাপালে বা ফল পোৱাৰ আগতেই মৃত্যুবৰণ কৰিলে । পিছে, মনত ৰাখিবলগীয়া কথাটি হৈছে যে তেওঁলোকে আহিবলগীয়া প্ৰজন্মৰ প্ৰতি থকা তেওঁলোকৰ দ্বায়িত্ব পালন কৰিলে ।
সেই সমগ্ৰ আন্দোলনৰ সফলতা হিচাপে চাকৰিয়ালসকলে স্থায়ী চাকৰি আৰু ভাল বেতন পোৱাৰে পৰা ভাৰতবৰ্ষত এক নতুন চাম সৃষ্টি হল যাক আমি বহল অৰ্থত মধ্যবিত্ত বুলিব পাৰো । লাহে লাহে সময় উকলিল। ভাৰত বৰ্ষৰ গ্ৰাম্য অঞ্চলটো বেংক স্থাপন হল, জনকল্যাণমূলক আঁচনিবোৰ বেংকৰ সহায়ত গাওঁবোৰত লৈ যোৱা হল আৰু ৰাজহুৱা প্ৰতিষ্ঠানবোৰে উৎপাদন বৃদ্ধি কৰিলে; যাৰ দ্বাৰা বহু ক্ষুদ্ৰ ক্ষুদ্ৰ চাকৰিৰ সৃষ্টি হল, গাওঁত চৰকাৰী স্কুল প্ৰতিষ্ঠাৰে গ্ৰাম্য ভাৰততো আনুষ্ঠানিক শিক্ষাৰ পোহৰ পৰিল তথা মধ্যবিত্তৰ বিস্তাৰ আৰু তেওঁলোকৰ ক্ৰয়শক্তিৰ ক্ৰমবদ্ধ বিকাশে বজাৰক প্ৰভাৱিত কৰিলে ।
এফালৰ পৰা চাবলৈ গলে ৯০ৰ দশক আছিল এক অৰ্থত যুগান্তকাৰী । পূব ইউৰোপ আৰু ছোভিয়েটত 'সাম্যবাদী চৰকাৰৰ পতনে বাওঁপন্থাক ৰাজনৈতিক ভাবে দুৰ্বল কৰিলে আৰু ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত প্ৰশ্ন উঠা আৰম্ভ হল ।
মিডিয়াও স্বতন্ত্ৰ বিচাৰধাৰা হেৰুৱালে, ইয়াৰ নৈতিক স্খলন ঘটা আৰম্ভ হল আৰু কৰ্পোৰেটৰ তলতীয়াহৈ কাম কৰা আৰম্ভ কৰিলে । ইফালে বিশ্বায়নে উদাৰবাদী নীতিৰ পথ প্ৰশস্ত কৰিলে । মুক্ত অৰ্থনীতিয়ে নগ্ন ভোগবাদী সমাজ এখন গঢ় দিবলৈ ধৰিলে আৰু সামূহিক চেতনাৰ শত্ৰু হিচাপে পৰিগণিত হল ।
মোহময়ী সুন্দৰীৰ দ্বাৰা বিজ্ঞাপন, কৰ্পৰেটৰ এজেণ্ট হৈ কাম কৰা চেলিব্ৰিটি, এজনক তললৈ টানি নিজে ওপৰলৈ উঠাৰ উচ্চাকাংক্ষা আৰু মানৱীয় প্ৰমূল্যবোধৰ হ্ৰাসে সামূহিক চেতনাক আটাইতকৈ বেছি ক্ষতি কৰা দেখা হল । ব্যক্তি স্বাধীনতাৰ দোহাই দি দি উদ্যোগ বেচৰকাৰীকৰণ হল, বজাৰ মুক্ত হল, ব্যক্তিগতকৰণৰ ফালে সমাজ ঢাল খালে আৰু মধ্যবিত্ত ৰাইজ সমৃদ্ধিশালী হবলৈ ধৰিলে ।
স্থায়ী চাকৰি, নিয়মিত বেতন, বনাছ আৰু বাঢ়ি অহা সমৃদ্ধিয়ে মধ্যবিত্তসকলক অতি ভোগবাদী কৰি তুলিলে আৰু সমাজৰ আগত Status বৰ্তাই ৰাখিবলৈ বজাৰত অহা নতুন নতুন সামগ্ৰী ক্ৰয়েৰে সময়ৰ সৈতে হাতে হাত ধৰি আগবঢ়াব শিকালে । ইফালে গাখীৰতে মহৰ খুঁটি হিচাপে আহিল EMI, Zero Down payment, one click loan ৰ ব্যৱস্থা ।
এক দীঘলীয়া সংগ্ৰামৰ দ্বাৰা সমাজ ব্যৱস্থাত নিজৰ সুকীয়া স্থান দখল কৰা মধ্যবিত্তৰ
এতিয়া মেজাজ সলনি হ'ল । এওঁলোকৰ ড্ৰয়িং ৰুমত চোফা আহিল, ভৰি ৰাখিবলৈ মোলায়ম কাৰ্পেট আহিল, ব্লেক এণ্ড হোৱাইট টিভিৰ পৰা LCD, তাৰ পিছত আহিল Smart TV । এতিয়া চোফাত বহি, কাৰ্পেটত ভৰি থৈ Smart TVত চিনেমা চিৰিয়েলৰ লগতে ৰাষ্ট্ৰবাদৰ ওপৰত হোৱা টিভি ডিছকাচনবোৰৰ সোৱাদ লোৱাত লাগি গল ।
এওঁলোকৰ আগ্ৰহ,চিন্তা সলনি হবলৈ ধৰিলে আৰু সমাজৰ সামূহিক প্ৰশ্নবোৰৰ পৰা আঁতৰি আহিব ধৰিলে । এওঁলোকৰ বিকৃত ৰুচিবোৰে টিভি চেনেলৰ ঘৃননীয় content ঠিক কৰিবলৈ ধৰিলে ।
এতিয়া এওঁলোকৰ কাৰণে বাওঁপন্থা অপ্ৰাসংগিক আৰু বঞ্চিত সকলৰ কথা কব ধৰিলেই বাওঁপন্থী বুলি Tag লগোৱা আৰম্ভ কৰিলে । ষ্টালিনৰ দমন নীতি আৰু চীনৰ পুঁজিবাদী চৰিত্ৰ আৰু বাৰ্লিন দেৱালৰ কাহিনীৰেই সকলো বাওঁপন্থী আদৰ্শৰ পণ্ডিত হৈ উঠিল ।
এক আৰামদায়ক জীৱনৰ অভ্যস্ত হৈ উঠা এইসকলে আন্দোলন,শোষিত, বঞ্চিত জাতীয় শব্দ শুনি এতিয়া নাক কোচাবলৈ ধৰে ।
সুবিধাবাদী, স্বাৰ্থপৰ হৈ উঠা এই মধ্যবিত্তই ৰাজহুৱা শিক্ষাখণ্ডৰ দুৰৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন তোলাৰ সলনি নিজৰ লৰা ছোৱালীক ব্যক্তিগত শিক্ষানুষ্ঠানলৈ পঠিয়াব আৰম্ভ কৰিলে । কেৰিয়াৰৰ দৌৰত আন সাধাৰণ ঘৰৰ শিশু সকল(যাৰ কপালত লিখা আছে ৰাজহুৱা শিক্ষাখণ্ডত শিক্ষা লাভ কৰা)ক পিছ পেলাই নিজৰ লৰাক আগ বঢ়োৱাৰ মানসিকতালৈ সকলোবোৰ অন্যায়ৰ বিৰুদ্ধে মৌন হৈ থাকিল । শিক্ষা, স্বাস্থ্য, পৰিবহন আদিৰ দৰে মৌলিক প্ৰয়োজনীয় বস্তুৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে টু শব্দও নকৰিলে । তেওঁলোকে ভালদৰে জানে(আৰু অহংকাৰ কৰে) যে এই সকলোবোৰ সেৱা নিজৰ আৰু নিজৰ লৰা ছোৱালীৰ বাবে পইচাৰে কিনিব পাৰিব ।
পিছে, পৃথিৱীখন নিজৰ মতে নচলে । সময় সদায় সৰল ৰেখাত নচলে । কেতিয়াবা বক্ৰ ৰেখাৰেও চলা আৰম্ভ কৰে । নিজৰ চাকৰিৰ বাদে আন সকলোবোৰৰ ব্যক্তিগতকৰণৰ পৰোক্ষ- প্ৰত্যক্ষ সমৰ্থক এই মধ্যবিত্তৰ গা তেতিয়াহে পুৰা আৰম্ভ হল যেতিয়া নিজে মূৰত উঠাই দেশৰ ৰজা পতা ৰাজনৈতিক দলে তেওঁলোকৰ চকীৰ তলত থকা ফটকাৰ আগৰছীত জুইশলাৰে জুই জ্বলোৱাৰ যো-জা কৰিলে ।
আজিৰ তাৰিখত ৰেল,বিমানবন্দৰ, স্কুল, কলেজ, কয়লা উদ্যোগ আদি সকলো ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকল নিজৰ চাকৰিৰ স্থায়িত্ব আৰু লাভ কৰা সুবিধাক লৈ চিন্তিত । তেওঁলোকৰ ভয় অমূলক নহয়, কিয়নো তেওঁলোকৰ কান্ধত ভৰ দি গাদী দখল কৰাসকলে আজি ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ কৰি আছে ।
আকৌ এবাৰ এই কৰ্মচাৰীসকলৰ আন্দোলনবোৰত বাওঁপন্থীসকলে সক্রিয় ভূমিকা লোৱা দেখা গৈছে কিয়নো আৰ্থিক নীতিৰ আধাৰত ভাজপা আৰু কংগ্ৰেছ একে মুদ্ৰাৰ ইপিঠি সিপিঠি আৰু আন 'সমাজবাদী' দলবোৰৰ স্থিতি সৰ্বজনবিদিত । কৰ্মচাৰীসকল আন্দোলিত হৈ আছে । দেশৰ অৰ্থনীতিৰ দুৰৱস্থা । এই আন্দোলিত জনতাক দিশ দেখাবলৈ কোনো চুকে কোনে থকা বাওঁপন্থী ট্ৰেড উনিয়ন নেতাসকলে অহৰহ প্ৰচেষ্টা চলাইছে ।
পিছে, এইসময়ত আন্দোলনৰ আশা কৰি থকা মহাশয়সকলে বুজিব লাগে যে তেওঁলোকে এখন ইতিমধ্যে হাৰি যোৱা যুজঁ যুঁজি আছে ।কিয়নো, তেওঁলোকৰ শ্ৰেণী চৰিত্ৰয়েই এই আন্দোলনৰ চৰিত্ৰক বাৰুকৈ প্ৰভাৱিত কৰিছে আৰু ইয়েই প্ৰধান বাধা হৈ তেওঁলোকৰ সমুখত থিয় দিছে ।
তেওঁলোকৰ আগৰ প্ৰজন্মই কৰা সংগ্ৰামৰ ফলত পোৱা সা সুবিধাবোৰ এতিয়া তেওঁলোকে ক্ৰমাৎ হেৰুৱাৰ লগতে, আহিবলগীয়া পীৰিৰ বাবে গোলামীৰ অভিশাপ দি যাব ধৰিছে ।
শেষত,
যেতিয়ালৈ খাটিখোৱা মানুহৰ মৌলিক সুবিধা, অধিকাৰ সুৰক্ষা আৰু অস্তিত্বৰ কথা আহি থাকিব.... বাওঁপন্থা তেতিয়ালৈ প্ৰাসংগিক হৈয়েই থাকিব ।
মূল : कभी वामपंथ के सहारे हक़ और अधिकार प्राप्त करने वाला मध्यवर्ग 21वीं सदी में वामपंथ विरोधी कैसे बना? (http://lokvani.in/communism-in-india-in-20th-century.../)



Comments
Post a Comment